অসম

assam

ETV Bharat / state

ৰঙালীক আদৰিবলৈ সাজু জকাই কলিয়নীবাসী - কৰ্মশালা

হেঁপাহৰ ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ চুকে-কোণে এতিয়া আনন্দৰ লহৰ ৷ বিহু নামৰ ৰিণি ৰিণি শব্দ, ঢোল, পেঁপা, বাঁহীৰ মাতে প্ৰদান কৰিছে ৰঙালীৰ এক সুকীয়া মাদকতা ৷

ৰঙালীক আদৰিবলৈ সাঁজু হ'ল জকাই কলিয়নীবাসী
ৰঙালীক আদৰিবলৈ সাঁজু হ'ল জকাই কলিয়নীবাসী

By

Published : Apr 6, 2021, 10:33 PM IST

মৰাণ,6 এপ্ৰিল:হেঁপাহৰ ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ চুকে-কোণে এতিয়া আনন্দৰ লহৰ ৷ বিহু নামৰ ৰিণি ৰিণি শব্দ, ঢোল, পেঁপা, বাঁহীৰ মাতে প্ৰদান কৰিছে ৰঙালীৰ এক সুকীয়া মাদকতা ৷

ডিব্ৰুগড় জিলাৰ জকাই কলিয়নী খেলপথাৰত জকাই আঞ্চলিক বিহুৱা-বিহুৱতী সকলৰ উদ্যোগত ২৫ মাৰ্চৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে বিহু নৃত্য, ঢোল বাদনৰ এক কৰ্মশালা আয়োজন কৰা হয় ৷ এই কৰ্মশালাত অঞ্চলটোৰ বহু শিশুৰ লগতে যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

ৰঙালীক আদৰিবলৈ সাজু জকাই কলিয়নীবাসী

এই কৰ্মশালা সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এক সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত অঞ্চলটোৰ কেইবাজনো ব্যক্তিৰ লগতে ভদ্ৰচেন সোণোৱাল, ৰাজু ভৰালী, টংকেশ্বৰ সোণোৱাল আদি উপস্থিত থাকে ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ

ABOUT THE AUTHOR

...view details