মৰাণ, ৯ অক্টোবৰ:ছিকিমত সংঘটিত ভয়ংকৰ জল প্ৰলয়ে কেৱল ৰাজ্য়খনতেই নহয় অসমৰো বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । কিয়নো অসমৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ- ছাত্ৰীকে ধৰি বিভিন্ন ব্যক্তি আৱদ্ধ হৈ আছে ছিকিমত । ৰাজ্য চৰকাৰে ইতিমধ্য বহু ছাত্ৰ-ছাত্ৰীক ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও বহুতৰে এতিয়াও নাই কোনো সন্ধান । ছিকিমত জল প্ৰলয়ত চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মৰাণৰ তিনিজন যুৱক আৱদ্ধ হৈ থকাৰ খবৰ পোহৰলৈ আহিছে । এই কথা সদৰী কৰিছে পৰিয়ালৰ লোকে ।
চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচাৰ শুভম আগৰৱালা, চ্য়ুকাফা নগৰৰ নীৰজ শৰ্মা, মৰাণ নগৰৰ প্ৰথম আগৰৱালা ছিকিমত আবদ্ধ হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তিনি ব্যৱসায়ীৰ পুত্ৰই যোৱা ১ অক্টোবৰত ছিকিমলৈ ফুৰিবলৈ গৈছিল । ইয়াৰ পিছতে ৩ অক্টোবৰলৈকে যোগাযোগ ৰাখিছিল পৰিয়ালৰ সৈতে। বানৰ বিভীষিকাৰ পিছত ৬ অক্টোবৰত সেনা ৰেজিমেন্টৰ শিৱিৰৰ পৰা পৰিয়ালক ফোন কৰিছিল যুৱককেইজনে ।
লগতে পঢ়ক:Flash Flood in Sikkim : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ নলবাৰীৰ এটা পৰিয়াল