মৰাণ, 8 নৱেম্বৰ:ৰাস পূৰ্ণিমাৰ আনন্দ উল্লাসৰ মাজতেই দুলীয়াজানত মংগলবাৰে পুৱা এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Blast at Duliajan)৷ পুৱা প্ৰায় ৯ বজাত দুলীয়াজান কমলাবাৰী ৰ’দহুকুটা অঞ্চলৰ নিবাসী বুলেন মেচৰ বাসগৃহৰ চৌহদত থকা গুডাম ঘৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো ৷ বিস্ফোৰণত থিতাতে নিহত নহয় তেওঁৰ ২৫ বছৰীয়া পুত্ৰ ৰিতুৰাজ মেচ (Rituraj Mech died in blast) ।
জানিব পৰা অনুসৰি মংগলবাৰে পুৱা নিজৰ বাসগৃহত থকা গুডাম ঘৰটোত কাম কৰি আছিল ৰিতুৰাজে ৷ ঠিক তেনে সময়তে এক বিস্ফোৰণৰ শব্দ হয় ৷ এই বিস্ফোৰণত ৰিতুৰাজৰ বাঁওহাতখন ছিঙি যোৱাৰ লগতে দুয়োখন ভৰি ছিঙি ছিন্ন-ভিন্ন হৈ পৰে (youth dead in blast at Duliajan)৷ লগে লগে শব্দ শুনিয়েই ৰিতুৰাজৰ মাতৃ-পিতৃ আহি চোৱালৈকে ৰিতুৰাজৰ ছেদেলি ভেদিল হৈ পৰি থকা শৰীৰৰ টুকুৰাই ৰাঙলী কৰি পেলাইছিল গুডাম ঘৰটো ৷
ইফালে বিস্ফোৰণত চিটিকি পৰা বিস্ফোৰক পদাৰ্থই কাষতে থকা এজোপা তামুলী গছ ফালি নিয়াৰ লগতে প্ৰায় ৫০ মিটাৰ আঁতৰত থকা এটা তিনিমহলীয়া ঘৰৰ দেৱালৰ ক্ষতি সাধন কৰে ৷ লগে লগে অঞ্চলটোত বিস্ফোৰণৰ খবৰ শুনি হুৱা-দুৱা লগাত ওচৰৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷