অসম

assam

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 1:14 PM IST

ETV Bharat / state

ফেচবুক পোষ্টত আলফাৰ সমৰ্থনত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ’ল অসমীয়া যুৱক

"ময়ো আলফা বিৰোধী কিন্তু তেখেতসকলে অসম, অসমীয়াৰ হকে মাত মাতি আহিছে ৷ আলফা আছে কাৰণে অসমখন বাচি আছে । জয় আলফা স্বাধীন ৷"- ধৃত সনাতন হাজৰিকা

Etv Bharatyouth arrested for comment on ulfa
Etv BharatDSP নৱ কুমাৰ বৰাৰ ফেচবুক পোষ্টত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

DSP নৱ কুমাৰ বৰাৰ ফেচবুক পোষ্টত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

মৰাণ, 25 ডিচেম্বৰ :সামাজিক মাধ্যমত কমেণ্ট অথবা পোষ্ট কৰোঁতে সাৱধান হওক ৷ সামাজিক মাধ্যমত চোকা নজৰ ৰাখিছে অসম আৰক্ষীয়ে ৷ এইবাৰউচ্চ পদস্থ আৰক্ষী বিষয়াৰ ফেচবুক পোষ্টত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ এগৰাকী যুৱক ৷

নামৰূপৰ উপ-আৰক্ষী অধীক্ষক (DSP) নৱ কুমাৰ বৰাৰ ফেচবুক পোষ্টত আলফা স্বাধীনৰ সমৰ্থনত কমেন্ট কৰি গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ জকাই হৰেঘাটৰ যুৱকজন। ধৃত যুৱকজনৰ নাম সনাতন হাজৰিকা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সকলোকে আহ্বান জনাইছিল সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থত কোনো ধৰণৰ মন্তব্য নিদিবলৈ। সামাজিক মাধ্যমত আলফা (স্বাঃ)ৰ হৈ সক্ৰিয়তা প্ৰদৰ্শন কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইফালে সনাতন হাজৰিকা নামৰ যুৱকজনে (DSP) নৱ কুমাৰ বৰাৰ ফেচবুক পোষ্টত লিখিছিল, "এনেকৈ যদি মণিপুৰৰ লগত যুঁজি সিহঁতক আঁতৰাব পাৰিলে হয় বেছি ভাল লাগিল হয়, অসম আৰক্ষীয়ে মাৰ, খেদা খাই পলাই আহিল। ময়ো আলফা বিৰোধী কিন্তু তেখেতসকলে অসম, অসমীয়াৰ হকে মাত মাতি আহিছে ৷ আলফা আছে কাৰণে অসমখন বাচি আছে । জয় আলফা স্বাধীন ৷"

ইয়াৰ পাচতে শনিবাৰে মাজনিশা পৰিয়াল লোকৰ ঘৰত শুই থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সনাতন হাজৰিকাক। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সনাতন হাজৰিকাক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিচতেই ঘৰখনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুত্ৰক এৰি দিবলৈ প্ৰশাসনৰ ওচৰত কাকুতি-মিনতি কৰিছে সনাতন হাজৰিকাৰ পিতৃ-মাতৃয়ে।

ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই যদিও ডিব্ৰুগড় সদৰ থানাত ৰখাৰ হৈছে যুৱকজনক । আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা অনুসৰি যুৱকজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:বশিষ্ঠ মন্দিৰৰ সন্মুখত কিশোৰীক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details