ডিব্ৰুগড়, 3 জুলাই: আহোমলেণ্ডৰ দাবী সন্দৰ্ভত সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰি টাইপাৰ ওচৰত কাণত ধৰি ক্ষমা বিচাৰিলে মৰাণৰ ঋতুপৰ্ণ বড়াই ৷ টাই আহোমক জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন আন্দোলন কৰি আহিছে টাইপাকে ধৰি আহোম জনগোষ্ঠীৰ সংগঠন সমূহে ৷ শেহতীয়াকৈ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই আহোমলেণ্ড গঠনৰ পোষকতা কৰিছে ৷ ইতিমধ্যে সংগঠনটোৰ নেতৃত্বই আহোমলেণ্ড দাবীৰ কাম-কাজ আৰম্ভ কৰা বুলিও সংবাদ মাধ্যমত জানিবলৈ দিছে ৷
টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ লগতে টাই আহোমৰ বিভিন্ন সংগঠনে আহোম সকলৰ বাবে সুকীয়াকৈ ভূ-খণ্ডৰ দাবী জনাই অহাৰ সময়তে এই সন্দৰ্ভত মৰাণৰ ঋতুপৰ্ণ বড়া নামৰ যুৱকজনে সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতেই সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা যুৱকজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল টাইপাৰ নেতৃত্ব ৷
টাইপাৰ ক্ষোভৰ পাছতে টাইপাৰ মৰাণ মহকুমা সমিতিৰ আগত কাণত ধৰি ক্ষমা খুজিবলগীয়া হ'ল সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা যুৱক ঋতুপৰ্ণ বড়াই ৷ লগতে টাইপাৰ সদস্য সকলেও সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক আহ্বান জনাই যে কোনো জাতি-জনগোষ্ঠীৰ সম্পৰ্কে এনেধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ নকৰিবলৈ ৷ উল্লেখযোগ্য যে ঋতুপৰ্ণ বড়াই সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ পাছতেই ক্ষোভিত হৈ পৰিছিল টাইপাৰ নেতৃত্ব ৷