টিংখাং,25 মে’:মৎস্য পালনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে টিংখাঙৰ এজন যুৱকে ৷ 15 বিঘা কৃষি ভূমিত পুখুৰী খান্দি মীন পালন কৰিছে শিশুমৰা গাঁৱৰ উমানন্দ চুতীয়া নামৰ যুৱকজনে ৷ একাগ্ৰতা আৰু কৰ্মদক্ষতাৰ পৰিচয় দাঙি ধৰি আন বহুতৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ নিদৰ্শন দাঙি ধৰিছে উমানন্দই । মাত্ৰ তিনিবছৰ পূৰ্বে কম মূলধন আৰু কম ভূমিত মৎস্য পালনৰ কাম আৰম্ভ কৰিছিল যুৱকজনে ।
অতি কম সময়ৰ ভিতৰতে লাভৰ মুখ দেখিবলৈ পোৱা উমানন্দ চুতীয়াই তিনিবছৰৰ ভিতৰতে মৎস্য পালনৰ পৰিসৰ বৃদ্ধি কৰি বৰ্তমান যথেষ্ট টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ বৰ্তমান মৎস্য পালন কৰাৰ লগতে মাছৰ পোনাও বিক্ৰী কৰি মৎস্যপালকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে ।