অসম

assam

ETV Bharat / state

অসমীয়া সাহিত্যত মহিলা সাহিত্যিকৰ অৱদান আন ৰাজ্যৰ তুলনাত অধিক: য়েছে দৰজে ঠংছি - ইলা বৰগোহাঁইৰ কেইবাখনো উপন্যাস

বৃহস্পতিবাৰে মৰাণত উন্মোচন কৰা হয় উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী ৷ এই ৰচনাৱলী উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক তথা অৰুণাচল লিটাৰেৰী চ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি য়েছে দৰজে ঠংছিয়ে (Yese Dorje Thongshi inaugurated Ila Borgohains rochanwali) ৷

Ila Borgohains rochanwali
মৰাণত উন্মোচন কৰা হয় উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী

By

Published : Sep 8, 2022, 10:58 PM IST

মৰাণ, 8 ছেপ্টেম্বৰ :ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক, চলিত বৰ্ষৰ অসম চৰকাৰৰ অমল প্ৰভা দাস বঁটা বিজয়ী, উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী বৃহস্পতিবাৰে মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় (Yese Dorje Thongshi inaugurated Ila Borgohains rochanwali) ৷

মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত মৰাণ কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ইলা বৰগোহাঁইৰ ৰচনাৱলীখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক তথা অৰুণাচল লিটাৰেৰী চ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি য়েছে দৰজে ঠংছিয়ে (Yese Dorje Thongshi) ৷

মৰাণত উন্মোচন কৰা হয় উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ ৰচনাৱলী

ৰচনাৱলীখন উন্মোচন কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট সাহিত্যিক ঠংছিয়ে অসমীয়া সাহিত্যিত মহিলা সাহিত্যিকৰ অৱদান আন আন ৰাজ্যৰ তুলনাত অধিক বুলিও মন্তব্য কৰে ৷ বৰ্তমানলৈকে অসমীয়া সাহিত্যত দহগৰাকী মহিলা সাহিত্যিক সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷

লগতে পঢ়ক :সমাধিক্ষেত্ৰত সুধাকণ্ঠলৈ পুষ্পাঞ্জলি মুখ্যমন্ত্ৰীৰ

লগতে তেওঁ কয়, ‘‘ইলা বৰগোহাঁইৰ কেইবাখনো উপন্যাস পঢ়ি মই আপ্লুত হৈছো ৷ বৰগোহাঁইৰ সাহিত্য সৃষ্টি সঁচাই অতুলনীয়’’ ৷ মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত উপন্যাস সম্ৰাজ্ঞী ইলা বৰগোহাঁইৰ লগতে ৰচনাৱলীখনৰ সম্পাদক তথা লোক-সংস্কৃতিৰ সাধক ড॰ অনিল শইকীয়ায়েও অনুভৱ ব্যক্ত কৰে ৷

অনুষ্ঠানটোত মৰাণ কলেজৰ অধ্যক্ষা ড॰ মিতালী কোঁৱৰ, মৰাণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিত্ৰয় ক্ৰমে ডাঃ লোহিত কুমাৰ বৰা, শোভিত কুমাৰ চেত্ৰী আৰু বাছা বৰা, উপ-সভাপতি নীলকান্ত গগৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

শাখা সাহিত্য সভাৰ সম্পাদক অকন ভূঞাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি আৰু ইলা বৰগোহাঁইক মৰাণৰ একুৰিৰো অধিক দল-সংগঠনে সম্বদ্ধৰ্না জ্ঞাপন কৰে ৷

লগতে পঢ়ক :অৰুণাচলক এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব : সাংসদ তপন কুমাৰ গগৈ

ABOUT THE AUTHOR

...view details