অসম

assam

ETV Bharat / state

Arms recovered in Dibrugarh: ডিব্ৰুগড়ত দুই দশক পুৰণি বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ ৷ শ্চিম জালান নগৰ চাহ বাগিচাত আৰক্ষী আৰু চি আৰ পি এফয়ে যুটীয়াভাৱে অভিযান চলাই উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰখিনি ৷

Arms recovered in Dibrugarh
ডিব্ৰুগড়ত দুই দশক পুৰণি বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

By

Published : Dec 26, 2022, 10:33 PM IST

ডিব্ৰুগড়ত দুই দশক পুৰণি বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ডিব্ৰুগড়, 26 ডিচেম্বৰ: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ(Arms recovered in Dibrugarh) ৷ আৰক্ষীয়ে ডিব্ৰুগড়ৰ নগাবাৰীস্থিত পশ্চিম জালান নগৰ চাহ বাগিচাত অভিযান চলাই উদ্ধাৰ কৰে দুটা চাইনিজ গ্ৰেণেড, দুটা AK চিৰিজৰ ৰাইফল আৰু মেগজিন, ১২ জাঁই সজীৱ গুলী, টিডিটি চুইছ আৰু পিষ্টলৰ চাইলেন্সাৰ(Arms recovered by Dibrugarh police) ৷

গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষী আৰু CRPFএ যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে এই অস্ত্ৰ-শস্ত্ৰখিনি ৷ অৱশ্যে এই সন্দৰ্ভত কোনো লোকক আটক কৰা নাই যদিও স্থানীয় চাহ-বাগিচাৰ শ্ৰমিকক সুধা-পোচা কৰিছে আৰক্ষীয়ে(Police started investigation) ৷

উল্লেখ্য যে, এই অস্ত্ৰ-শস্ত্ৰখিনি 1993চনৰ বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷ কোনো বিদ্ৰোহী সংগঠনে এই মাৰণাস্ত্ৰখিনি লুকুৱাই ৰখা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ চাহ বাগিচাৰ মাজভাগৰ পৰা উদ্ধাৰ কৰা হৈছে এই মাৰণাস্ত্ৰখিনি(Arms recovered in tea garden) ৷ মাৰণাস্ত্ৰ উদ্ধাৰক লৈ এতিয়া অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ৷ ইফালে এই অস্ত্ৰ-শস্ত্ৰখিনি বহু বছৰৰ পূৰ্বে লুকুৱাই ৰখা বুলি উল্লেখ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই(Dibrugarh SP Swetang Mishra) ৷

লগতে পঢ়ক:Inter Club Athletics Competition: টিংখাঙত ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা

আনহাতে, গণৰাজ্য দিৱসৰ(Republic Day) পূৰ্বে যাতে কোনো ধৰণৰ কূটাঘাত সংঘটিত নহয় তাৰ বাবেও আৰক্ষী সষ্টম হৈ থকা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ লগতে তিনিচুকীয়া জিলাত বৃদ্ধি পাইছে আলফা স্বাধীনৰ গতি-বিধি(ULFA I movement in Dibrugarh and Tinsukia) ৷ যাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে আৰক্ষীয়ে ৷

কিন্তু এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি বাগিচাৰ মাজত পেলাই ৰখাকলৈ সৃষ্টি হৈছে প্ৰশ্নৰ ৷ কোনে আৰু কেতিয়া এই মাৰণাস্ত্ৰখিনি বাগিচাৰ মাজত নিক্ষেপ কৰিলে বা পেলাই থৈ গ’ল সেই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লগতে, 26জানুৱাৰীত ডিব্ৰুগড় জিলাত কোনো ধৰণৰ কূটাঘাত মূলক কাৰ্য সংঘটিত নহয় বুলি আশ্বাস প্ৰদান কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক:NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

ABOUT THE AUTHOR

...view details