মৰাণ,29 জানুৱাৰী: নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিচাপে ২০০১ চনত অৱসৰ গ্ৰহণ কৰা খ্যাতনামা গল্পকাৰ,ইতিহাসবিদ,শিশু সাহিত্যিক মহেন্দ্ৰ বৰপূজাৰী আৰু নাই ৷ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে ৷ "বেজবৰুৱা,গোহাঞি বৰুৱা আৰু সমকালীন অসমৰ সমাজ জীৱন","এটা সপোনৰ কথাৰে","পশ্চিমৰ দুৱাৰ","দুই ঋতু","ৰাতিৰ শব্দ","কাউৰী গ'ল গধূলি হ'ল",কোন ৰজা কোন মন্ত্ৰী","পুৱাৰ কোমল ৰ'দ" আদিকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰা বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোক ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷
ৰামধেনু যুগৰ গল্পকাৰ ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান - ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান
বৃহস্পতিবাৰে নিশা নাহৰকটীয়াৰ খ্যাতনামা গল্পকাৰ,ইতিহাসবিদ,শিশু সাহিত্যিক মহেন্দ্ৰ বৰপূজাৰীৰ মৃত্যু হয় ৷ বাৰ্ধক্যজনিত কাৰণত ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰামধেনু যুগৰ গল্পকাৰ গৰাকীয়ে ৷
![ৰামধেনু যুগৰ গল্পকাৰ ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান ৰামধেনু যুগৰ গল্পকাৰ ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10419283-593-10419283-1611892325307.jpg)
ৰামধেনু যুগৰ গল্পকাৰ ড° মহেন্দ্ৰ বৰপূজাৰীৰ দেহাৱসান
উল্লেখ্য যে,নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা,জয়পুৰ শাখা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জয়পুৰ শাখা,কমিউনিষ্ট পাৰ্টী,বিজেপি,এজেপি আদিকে ধৰি বহুতো দল-সংগঠন আৰু ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাচতেই শতাধিক গুণমুগ্ধৰ উপস্থিতিত জয়পুৰ ৰাজহুৱা শ্মশানত তেওঁৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।
লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বক্তৃতা অনুষ্ঠান সমাপ্ত