অসম

assam

ETV Bharat / state

20মাৰ্চ বিশ্ব ঘৰচিৰিকা দিৱস... - sparrow bird

20মাৰ্চ বিশ্ব ঘৰচিৰিকা দিৱস ৷ আমাৰ সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস ।

20মাৰ্চ বিশ্ব ঘৰচিৰিকা দিৱস...
20মাৰ্চ বিশ্ব ঘৰচিৰিকা দিৱস...

By

Published : Mar 21, 2021, 7:56 AM IST

টিংখাং, 21মাৰ্চ:সমগ্ৰ বিশ্বতে 20মাৰ্চৰ দিনটো বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে উদযাপন কৰা হয় । ঘৰচিৰিকা চৰাই বিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে ৷

প্ৰকৃতি মানুহৰ পৰম বন্ধু । মানুহৰ উচ্চাকাংক্ষাই প্ৰকৃতিক বিলুপ্তিৰ দিশে ক্ৰমান্বয়ে ঠেলি দিছে । আধুনিক প্ৰযুক্তিয়ে জীৱ-বৈচিত্ৰৰ ওপৰত যি কুপ্ৰভাৱ পেলাইছে তাৰ ফলতেই পক্ষী কুলৰ বাবে নামি আহিছে বিপদ আৰু দিনক দিনে বিলুপ্তিৰ দিশে গতি কৰিছে পক্ষীকুল । ভয়াৱহ প্ৰদূষণৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ লগতে বৰ্তমান যুগৰ মানুহৰ প্ৰয়োজনীয় ম’বাইল টাৱাৰ সমূহৰ পৰা উদ্ভৱ হোৱা বিশেষ ধৰণৰ ৰশ্মীয়ে বন্য জন্তু, মাখি আৰু পক্ষী কুলৰ প্ৰজ্বনন ক্ষমতা হ্ৰাস কৰাৰ ফলত জীৱ আৰু পক্ষীকুল এতিয়া বিলুপ্তিৰ দিশত ।

ম’বাইল টাৱাৰৰ পৰা সৃষ্টি হোৱা ইলেকট্ৰ’মেগনেটিক ৰেডিয়েচনে ঘৰচিৰিকাৰ অস্তিত্বক সকলোতকৈ বেছি আঘাত হানিছে । ইফালে চহৰৰ লগতে গাঁও সমূহতো এতিয়া খেৰৰ নৰাৰ ঘৰ সমূহ কমি আহিছে । যাৰ ফলত সুবিধাজনক ঘৰৰ খেৰ-নৰাৰ চালত বাসকৰা ঘৰচিৰিকা দেখাৰ সৌভাগ্য কমি আহিছে । সময়ৰ লগত খাপখোৱাই জীয়াই থকা কিছু ঘৰচিৰিকা এতিয়াও পৰিলক্ষিত হয় । ঘৰৰ চোতাল শুৱনি কৰা সৰল-নিৰিহ পক্ষীবিধ এতিয়া বিশ্বৰ লগতে অসমতো এতিয়া সংকতাপন্ন পক্ষীকুলৰ তালিকাত ।

উল্লেখ্য যে, ঘৰচিৰিকা চৰাইবিধে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰাৰ কাৰণে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটো বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে পালন কৰি আহিছে ।

লগতে পঢ়ক:সৰ্থেবাৰীৰ বৰকণা বিলত মৎস্য উৎপাদন সন্দৰ্ভত সজাগতা সভা

ABOUT THE AUTHOR

...view details