অসম

assam

ETV Bharat / state

মটক যুৱ ছাত্ৰ সন্মিলনৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন - ক'ভিড প্ৰটকল

পৰিৱেশ দিৱস উপলক্ষে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে ডিব্ৰুগড় বগীবিল দলঙৰ পৰা ধলা-শদিয়া সংলগ্ন ড০ ভূপেন হাজৰিকা সেঁতুলৈকে পথৰ দুয়োকাষে গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

world environment day
মটক যুৱ ছাত্ৰ সন্মিলনৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

By

Published : Jun 6, 2021, 10:59 AM IST

ডিব্ৰুগড়,6 জুন: বিশ্ব পৰিৱেশ দিৱস(world environment day)ত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ । এই দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে ডিব্ৰুগড় বগীবিল দলঙৰ পৰা ধলা-শদিয়া সংলগ্ন ড৹ ভূপেন হাজৰিকা সেঁতুলৈকে পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰে ।

মটক যুৱ ছাত্ৰ সন্মিলনৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ সমান্তৰালকৈ সেউজ বনানীকৰণ অক্ষুণ্ণ ৰখাৰ বৃহৎ স্বাৰ্থত এই গছপুলি ৰোপণ কাৰ্যসূচীৰ ধাৰাবাহিকতা বাহাল থাকিব বুলি সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ পৰিৱেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক গিৰিশ পাত্ৰই ব্যক্ত কৰে । এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোঁহাইয়ে গছপুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

ইফালে ক'ভিড প্ৰট’কল ৰক্ষা কৰি সংশ্লিষ্ট জিলাৰ অন্তৰ্গত কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক পৰ্যায়ৰ দুজনকৈ বিষয়ববীয়া যথাস্থানত উপস্থিত থাকি পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক: নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনিত পৰিবেশ দিৱস পালন

ABOUT THE AUTHOR

...view details