অসম

assam

By

Published : Aug 1, 2023, 9:55 AM IST

ETV Bharat / state

Labour protest : শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগত মাইজান চাহ বাগিচাত প্ৰতিবাদ

শ্ৰমিকক প্ৰৱঞ্চনা কৰাৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকসকলে ৷

Labour protest in Dibrugarh
ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত প্ৰতিবাদ

ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত প্ৰতিবাদ

ডিব্ৰুগড়, 31 জুলাই : চাহ বাগিচা শ্ৰমিকৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি ঘোষণা কৰিলেও শোষণ-যন্ত্ৰণাৰ অৱসান ঘটা নাই চাহ শ্ৰমিকসকলৰ । চৰকাৰী আঁচনিসমূহৰ সা-সুবিধা আদায়ৰ পৰা বঞ্চিত চাহ শ্ৰমিকসকলক এক প্ৰকাৰে চাহ বাগিচাৰ কোম্পানীসমূহেও শোষণ চলায় অহা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম শ্ৰম বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হোৱা নাই আজি পৰ্যন্ত ।ফলত চাহ বাগিচাৰ শ্ৰমিকসকলে কামৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতেই দুৰ্ভোগ ভুগিবলগীয়া হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিছাবোৰত এনে ঘটনা সংঘটিত হৈ থকাৰ দৰে এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ'ল ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত । ইয়াৰ পাছতে সোমবাৰে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত ওলোৱা প্ৰতিবাদত উত্তাল হৈ পৰে মাইজান চাহ বাগিচা পৰিচালকৰ কাৰ্যালয় । বি আৰ ছেট্টি মালিকনাধীন মাইজান চাহ বাগিচাৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ আটছা ।

বাগিচাৰ স্থায়ী শ্ৰমিক হোৱা স্বত্বেও স্বামীৰ চাকৰিসূত্ৰে লাভ কৰা আৱাসগৃহ খালী কৰিবলৈ দিয়াত যন্ত্ৰনাময় জীৱন কটাইছে এটা পৰিত্যক্ত আৱাসত । জানিব পৰামতে, 6 বছৰ পূৰ্বে বিমলা পাটৰৰ স্বামী মোহন পাটৰৰ মৃত্যু হৈছিল । বাগিচাৰ গাড়ী চালক হিচাপে কৰ্মৰত মোহন পাটৰৰ পৰিয়ালটোক আৱাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিছিল চাহ বাগিচা কৰ্তৃপক্ষই । তাৰ বিনিময়ত পৰিয়ালটোৰ এজন সদস্যক চাকৰিত সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ।

মোহন পাটৰৰ বোৱাৰী তথা অজয় পাটৰৰ পত্নী লক্ষী পাটৰক স্থায়ী পদত নিযুক্তি প্ৰদান কৰিছে যদিও আৱাসগৃহ খালী কৰিবলৈ দিয়াত পৰিত্যক্ত পঁজাগৃহত জীৱ-জন্তুৰ দৰে থাকিবলৈ বাধ্য হৈ পৰিছে পৰিয়ালটো । অন্যহাতে ৰোগাক্ৰান্ত বিমলা পাটৰে পুত্ৰ-বোৱাৰীৰ সৈতে একেটা পঁজাগৃহত বিগত 8 মাহ ধৰি বাস কৰিবলগীয়া হৈছে । শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাত বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চাহ শ্ৰমিক সংগঠনবোৰে ।

লগতে পঢ়ক :Lok Sabha adjourned : মণিপুৰৰ প্ৰসংগক লৈ উত্তাল সদন; 2 বজালৈ স্থগিত ঘোষণা

ABOUT THE AUTHOR

...view details