অসম

assam

ETV Bharat / state

শ্ৰমিক আইন উলংঘাৰ অভিযোগেৰে শ্ৰমিকৰ প্ৰতিবাদ - টিংখাং

শনিবাৰে টিংখাঙৰ সুপ্ৰভাতম টি কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কোম্পানীটোৰ শ্ৰমিকসকলৰ ৷ শ্ৰমিকসকলক নিজ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ লগতে শ্ৰমিক আইন উলংঘা আৰু অঘোষিত বৰ্খাস্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকলসকলে ৷

tingkhong workers protest
টিংখাঙত শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Jan 2, 2021, 1:47 PM IST

টিংখাং,2 জানুৱাৰী : ডিব্ৰুগড়ৰ টিংখাঙৰ সুপ্ৰভাতম টি কোম্পানীৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ নামে শ্ৰমিকসকলে ৷ নিজৰ প্ৰাপ্যৰ দাবীৰে শ্ৰমিকসকলে মাত মাতিলেই অঘোষিত বৰ্খাস্তকৰণ আৰু শ্ৰমিক আইন উলংঘা কৰি নীতি বহিঃভূতভাৱে শ্ৰমিকক শাস্তিমূলক বদলিকৰণ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ চলাই আহিছে কোম্পানীটোৱে ৷ এই অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে ৷

টিংখাঙত শ্ৰমিকৰ প্ৰতিবাদ

কিছুদিন পূৰ্বে টিংখাঙৰ ৰাজগড়ৰ সমীপৰ ম’হখোৱাস্থিত সুপ্ৰভাতম টি কোম্পানীত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকলক একত্ৰিত কৰি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ অধীনত কোম্পানীটোৰ ফেক্টৰীৰ শাখা গঠন কৰা হয় । কিন্তু দীৰ্ঘদিন ধৰি চাহ কোম্পানীটোৱে কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি শোষণ বঞ্চনা চলাই আহিছে ৷

ইয়াৰ বিৰুদ্ধে মাত মতাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সুপ্ৰভাতম চাহ কোম্পানীৰ ফেক্টৰীৰ শাখাৰ সম্পাদক তথা কৰ্মচাৰী দ্বীপেন খনিকৰক কোম্পানীৰ কৰ্তৃপক্ষই ষড়যন্ত্ৰ মূলকভাৱে বিটিএডি এলেকালৈ বদলি কৰে ৷ কোম্পানীটোৰ কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্ত আৰু শ্ৰমিক আইন বিৰোধী কাৰ্যৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে শ্ৰমিক কৰ্মচাৰীসকল। সেয়েহে শ্ৰমিক কৰ্মচাৰীসকল একগোট হৈ সুপ্ৰভাতম টি কোম্পানীৰ কৰ্তৃপক্ষৰ এনে কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰী দ্বীপেন খনিকৰৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ।

এই প্ৰতিবাদত তেওঁলোকক সহযোগিতা আগবঢ়ায় চিটুৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি সুৰেশ ডেকা,অখিল ভাৰতীয় চাহ মজদুৰ সংঘ ডিব্ৰুগড় জিলা সম্পাদক মঙ্গল সিং মুৰাৰীয়ে । কোম্পানীৰ কৰ্তৃপক্ষই যদি তেওঁলোকৰ দাবী মানি নলয়,তেন্তে কোম্পানীৰ কাম বন্ধ কৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী শ্ৰমিক কৰ্মচাৰী সকলে ৷

লগতে পঢ়ক :কামপুৰত কংগ্ৰেছ কৰ্মীসকলৰ প্ৰীতিৰ এসাঁজ

ABOUT THE AUTHOR

...view details