চি পি আই এম এলৰ কৰ্মী সভা ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ : "বিজেপি হটাওক দেশ বচাওক, হিমন্ত হটাওক অসম বচাওক" শ্ল'গানেৰে ডিব্ৰুগড়ত চি পি আই এম এল দলে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে চি পি আই এম এল দলৰ ৰাজগড়ত ৰণশিঙা ৷
সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে কাম-কাজ ৷ এইবাৰ "বিজেপি হটাওক দেশ বচাওক, হিমন্ত হটাওক অসম বচাওক" এই শ্ল'গানেৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে " I.N.D.I.A"ৰ অন্যতম অংশীদাৰ চি পি আই এম এল দলে ৷ ২০২৪ ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে বাওঁপন্থী দলটোৱে ৷
সেই অনুসৰি আগন্তুক ১ মাহৰ ভিতৰত গাঁৱে-ভূঁঞে ১০০ খন ৰাইজমেল অনুষ্ঠিত কৰি শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি এক বিশাল সমাৱেশৰ মাজেদি প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ অন্ত পেলাব চি পি আই এম এল দলে ৷ অভিযানৰ অংশ হিচাবে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত দলীয় কৰ্মী সভাত এই কথা সদৰী কৰে চি পি আই এম এল দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসৰ লগতে দলৰ ডিব্ৰুগড় জিলাৰ তত্বাবধায়ক তথা কেন্দ্রীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়াই ৷
সংবাদ মাধ্যমৰ আগত নেতা দুগৰাকীয়ে শাসনত থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ বিজেপি চৰকাৰে উন্নয়নৰ প্ৰতি পিঠি দি দেশত সাম্প্রদায়িক ঘৃণাৰ প্ৰচাৰ কৰি সাধাৰণ জনতাক সংঘৰ্ষৰ বাবে উচটনি প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে তেওঁলোকে ৷ এই সাম্প্রদায়িক বাতাবৰণৰ আঁৰত এফালে এই চৰকাৰখনে নিজৰ চৰম ব্যৰ্থতা আৰু ৰাইজৰ ওপৰত জাপি দিয়া কৰৰ বোজা, মূল্যবৃদ্ধিৰ বোজা,পৰিবেশ ধ্বংসৰ বোজা, নিবনুৱা বৃদ্ধিৰ বোজা, মন্ত্ৰীসকলৰ হেলিকপ্টাৰত উঠা খৰছৰ বোজা আদি তল পেলাবলৈ আৰু আনফালে ৰাজহুৱা পুঁজি আৰু সম্পত্তি প্ৰিয় কৰ্পোৰেট গোষ্ঠীৰ হাতত গতাই দিয়া আৰু নিজেও আত্মসাৎ কৰাৰ কাৰ্যসূচী আগুৱাই নিবলৈ এই দেশ-বিধ্বংসী পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে বুলি উল্লেখ কৰে চি পি আই এম এলৰ নেতৃত্বই ৷
লগতে পঢ়ক :Yogendra Yadav : কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গোপন বুজাবুজিৰ অভিযোগ যোগেন্দ্ৰ যাদৱৰ