অসম

assam

By

Published : Oct 22, 2022, 9:40 AM IST

Updated : Oct 22, 2022, 11:44 AM IST

ETV Bharat / state

Assam workers tortured in Arunachal Pradesh: নিৰ্যাতনৰ বলি হৈ অৰুণাচলৰ পৰা পলাই আহি মৰাণত উপস্থিত 14 শ্ৰমিক

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিকক কাম দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত নিৰ্যাতন কৰাৰ খবৰ ওলাই থকা সময়তে মৰাণতো ঘটিল অনুৰূপ ঘটনা । অৰুণাচলৰ আলঙৰ পৰা নিৰ্যাতনৰ বলি হৈ পলাই আহি মৰাণত উপস্থিত হ'ল 14 জনকৈ শ্ৰমিক (Workers fled Arunachal Pradesh and arrived in Moran) ।

Workers fled Arunachal Pradesh and arrived in Moran
নিৰ্যাতনৰ বলি হৈ অৰুণাচলৰ পৰা পলাই আহি মৰাণত উপস্থিত কেইবাজনো শ্ৰমিক

ডিব্ৰুগড়, 22 অক্টোবৰ: পুনৰ পোহৰলৈ আহিছে শ্ৰমিক সৰবৰাহৰ ঘটনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিকক কাম দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত নিৰ্যাতন কৰাৰ খবৰ ওলাই থকা সময়তে মৰাণতো ঘটিল অনুৰূপ ঘটনা । অৰুণাচলৰ আলঙৰ পৰা নিৰ্যাতনৰ বলি হৈ পলাই আহি মৰাণত উপস্থিত হ'ল 14 জনকৈ শ্ৰমিক (Workers fled Arunachal Pradesh and arrived in Moran) ৷

নিৰ্যাতনৰ বলি হৈ অৰুণাচলৰ পৰা পলাই আহি মৰাণত উপস্থিত কেইবাজনো শ্ৰমিক

ঘটনাৰ বিৱৰণী অনুসৰি, চেপন ডোমৰদলং বৰুৱাহুলাৰ পৰা 16 জনকৈ যুৱকক মহেন্দ্ৰ গগৈ নামৰ এজন ব্যক্তিয়ে তিনিচুকীয়াত কাম দিয়াৰ প্ৰতিশ্ৰুতি দি লৈ গৈছিল অৰুণাচলৰ আলঙলৈ । মহেন্দ্ৰ গগৈ নামৰ ব্যক্তিজনে শ্ৰমিকসকলক নি হুছেইন নামৰ এজন ব্যক্তিক গতাই দিছিল । ইয়াৰ পাছৰে পৰা শ্ৰমিকসকলক কাম কৰোৱাৰ নামত নিৰ্যাতন চলোৱাৰ লগতে পাব লগা পইচাও আদায় দিয়া নাছিল (Assam workers tortured in Arunachal Pradesh) ।

উপায়ন্তৰ হৈ 14 জনকৈ শ্ৰমিক শুকুৰবাৰে সন্ধিয়া পলাই আহি মৰাণত উপস্থিত হয় । কিন্তু ইয়াৰে দুজন শ্ৰমিক ৰাজু ভেংৰা, বিকি নায়ক ঘুৰি নহাত সৃষ্টি হৈছে ৰহস্যৰ । দুই শ্ৰমিকৰ পৰিয়ালে চেপন আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

শুকুৰবাৰে সন্ধিয়া মৰাণত উপস্থিত হোৱা 14 জনকৈ শ্ৰমিকক মৰাণ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই চেপন আৰক্ষীয়ে । সমগ্ৰ ঘটনাই এতিয়া মৰাণত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনা । কিয়নো শ্ৰমিকক লৈ যোৱা মহেন্দ্ৰ গগৈ নামৰ মধ্যভোগীজনে পূৰ্বেও মৰাণৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিকক প্ৰলোভন দি বহিঃৰাজ্যলৈ নি নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । শ্ৰমিক সৰবৰাহত জড়িত থকা এইজন মহেন্দ্ৰ গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব।

শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছিল তিনিচুকীয়া জিলাৰ লিডুত ৷ পেটৰ তাড়ণাত কামৰ বাবে বঙাইগাঁও আৰু গোৱালপাৰৰ পৰা তিনি শ্ৰমিক গৈছিল সুদুৰ তিনিচুকীয়া জিলাৰ লিডুলৈ ৷ লিডুৰ মালৌ পাহাৰত চোৰাং কয়লা খান্দিবলৈ তিনি শ্ৰমিকক লৈ গৈছিল কয়লা মাফিয়াই ৷ কিন্তু কয়লা খনিত গেছ লিক হোৱাৰ ফলত তিনি শ্ৰমিকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল (Ledo coal mine incident) ৷

তিনি শ্ৰমিকৰ মৃত্যুৰ পাছতে ৰহস্যজনকভাৱে এই ক্ষেত্ৰত শ্ৰমিককেইজনৰ মৃতদেহ মালিকপক্ষই গোপনে নিশাৰ ভিতৰতেই মাটিৰ তলত পুতি থোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল ৷ এইক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীও তৎপৰতাৰে অভিযান চলাই মৃতদেহ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে আটক কৰিছিল ৮ জনক (Three die in illegal coalmine at Ledo)।

লগতে পঢ়ক:লিডুৰ কয়লা খনিত মৃত্যু হোৱা আছমতৰ নিথৰ দেহ পালেহি ঘৰ

Last Updated : Oct 22, 2022, 11:44 AM IST

ABOUT THE AUTHOR

...view details