ডিব্ৰুগড়, 23 ডিচেম্বৰ :ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত মৰ্মান্তিক ঘটনা ৷ কৰ্মৰত অৱস্থাতে মৃত্যু হ’ল এজন চাহ শ্ৰমিকৰ (Tea worker died on duty) ৷ কলঘৰৰ ভিতৰত কাম কৰি থকা অৱস্থাত আঘাটপ্ৰাপ্ত হৈ অৱশেষত চিকিৎসালয়ত মৃত্যুক সাৱতি ল'লে চাহ বাগিচাখনৰ এজন শ্ৰমিক । টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত যোৱা ১৭ ডিচেম্বৰত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো(Auphulia Tea garden in dibrugarh) ।
কলঘৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীজন চুইটু পাহাৰীয়া বুলি জানিবলৈ পৰা গৈছে ৷ পৰিয়ালৰ সহযোগত পাহাৰীয়াক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও (Assam medical college) চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া মৃত্যুক সাৱটি ল'লে চুইটু পাহাৰীয়াই (Worker injured while working in tea Garden died in hospital) ।