মৰাণ, 5জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী মহিলাৰ আদৰণীয় পদক্ষেপ । সোণাৰিৰ নগৰৰ মাজ মজিয়াত সোণাৰিবাসীক বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে মিনাক্ষী দুৱৰীয়ে ।
বিশ্ব পৰিৱেশ দিৱসত সোণাৰিত মহিলাৰ আদৰণীয় পদক্ষেপ - সেউজীয়া কৰণেৰে ধৰণীক ধুনীয়া
চৰাইদেউ জিলাৰ সোণাৰিত মহিলাৰ আদৰণীয় পদক্ষেপ ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫০০ লোকক বিনামূলীয়া গছপুলি বিতৰণ ৷

বিশ্ব পৰিৱেশ দিৱসত সোণাৰিত মহিলাৰ আদৰণীয় পদক্ষেপ
নন্দন কানন নাৰ্ছাৰীৰ উদ্যোগত মহিলাগৰাকীয়ে প্ৰায় ৫০০ লোকক বিতৰণ কৰে বিনামূলীয়া গছ পুলি । সেউজীয়া কৰণেৰে ধৰণীক ধুনীয়া কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে মহিলাগৰাকীয়ে ।
লগতে পঢ়ক:১১ এচিএছ বিষয়াক আইএএছলৈ মনোনিত