অসম

assam

ETV Bharat / state

ঋণ ৰেহাইৰ দাবীত লাহোৱালত মহিলাৰ উত্তাল প্ৰতিবাদ - loan

ঋণ ৰেহাই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চৰ্ত আৰোপ কৰাৰ পাচৰে পৰা প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ মহিলাসকল ৷ ঋণ ৰেহাইৰ দাবীত মঙলবাৰে লাহোৱাল উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক মহিলাই ৷

Micro Finance Company Loans
ঋণ ৰেহাইৰ দাবীত লাহোৱালত মহিলাৰ উত্তাল প্ৰতিবাদ

By

Published : Jun 15, 2021, 10:37 PM IST

মৰাণ, 15 জুন : মাইক্ৰ'ফাইনেঞ্চৰ ঋণমুক্ত কৰাৰ দাবীত ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া মহিলাৰ উত্তাল প্ৰতিবাদ ৷ লাহোৱালতো পাকঘৰ এৰি মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই ৷ ৰাজ্য চৰকাৰে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ ঋণমুক্ত কৰাৰ ক্ষেত্ৰত কিছু চৰ্ত বান্ধি দিয়াৰ পাচৰে পৰা প্ৰতিবাদ মুখৰ হৈ পৰিছে ৰাজ্যৰ মহিলাসকল ৷

ঋণ ৰেহাইৰ দাবীত লাহোৱালত মহিলাৰ উত্তাল প্ৰতিবাদ

লাহোৱালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , আমাৰ দাবী মানিব‌ই লাগিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে ৷ সাংবাদিকক সম্বোধন কৰি প্ৰতিবাদী মহিলাসকলে কয়, ৰাজ্য চৰকাৰে চৰ্ত প্ৰদান কৰাৰ পৰিৱৰ্তে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক ৷ ৰাজনৈতি নেতা সকলে নিৰ্বাচনী প্ৰচাৰত ডিব্ৰুগড়লৈ আহি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান মহিলাসকলে ৷

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ ঋণ মুক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত বান্ধি দিছে ৷ চৰ্ত অনুসৰি ঋণ ৰেহাই ক্ষেত্ৰত ঋণ লোৱা পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকা হ'ব লাগিব ৷ পৰিয়ালটোত এজনত কৈ বেছি ঋণ লোৱা ব্যক্তি থাকিব নোৱাৰিব ৷

ইফালে 2020 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ঋণ অনাদায়ৰ ক্ষেত্ৰত বেংকে নন পাৰ্ফমিং এছেট ঘোষণা কৰিলে তেতিয়া ঋণ লওঁতা জন ঋণ ৰেহাই পৰা বঞ্চিত হ'ব ৷ তদুপৰি ঋণ লোৱা সময়ত ভাৰতীয় ৰিৰ্জাভ বেংকৰ নীতি অনুসৰণ কৰা ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে ঋণ ৰেহাই বিষয়ত গঠন কৰি দিয়া সমিতিয়ে ৷

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ABOUT THE AUTHOR

...view details