ডিব্ৰুগড় খোৱাঙত সন্ধানহীন বোৱাৰী - etv bharat
স্বামী গৃহ পৰিয়ালে মৌচুমীৰ মাতৃ গৃহৰ লগতে আত্মীয় লোকসকলৰ ওচৰত খবৰ কৰে যদিও সন্ধান ওলোৱা নাই বোৱাৰীগৰাকীৰ । এগৰাকী ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃ মৌচুমীৰ সন্ধান বিচাৰি স্বামীয়ে ইতিমধ্যে খোৱাং আৰক্ষী থানাত দাখিল কৰে আবেদন।
ডিব্ৰুগড়, 7 আগষ্টঃচিকিৎসালয়লৈ বুলি গৈ চলিত মাহৰ ৫ তাৰিখৰ পৰা সন্ধানহীন ডিব্ৰুগড খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বাঘটলী পথাৰ গাঁৱৰ এগৰাকী বোৱাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি বাঘটলী পথাৰ গাঁৱৰ মুকুন্দ গগৈৰ পত্নী মৌচুমী গগৈ ৫ আগষ্টৰ পুৱা পেটৰ বিষৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন। স্বামী গৃহ পৰিয়ালে মৌচুমীৰ মাতৃ গৃহৰ লগতে আত্মীয় লোকসকলৰ ওচৰত খবৰ কৰে যদিও সন্ধান ওলোৱা নাই বোৱাৰীগৰাকীৰ। এগৰাকী ৭ বছৰীয়া কন্যা সন্তানৰ মাতৃ মৌচুমীৰ সন্ধান বিচাৰি স্বামীয়ে ইতিমধ্যে খোৱাং আৰক্ষী থানাত দাখিল কৰে আবেদন। প্ৰায় ৫ ফুট ওখ বগা বৰণৰ বোৱাৰী গৰাকীয়ে ঘৰৰ পৰা যোৱাৰ সময়ত সেউজীয়া ৰঙৰ মেখেলা চাদৰ পৰিধান কৰিছিল। কোনো লোকে বোৱাৰী গৰাকীৰ সন্ধান পালে খোৱাং আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ স্বামীৰ অনুৰোধ।