অসম

assam

ETV Bharat / state

Women patrolling on street: চাচনীত অভূতপূৰ্ব দৃশ্য - 75th Independence day

টৰ্চ লাইট আৰু হাতে হাতে লাঠি লৈ ৰাজপথলৈ ওলাই আহিল নাহৰকটীয়াৰ চাচনীৰ এদল মহিলা ৷ চাচনী অঞ্চললৈ প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি গৈছে মহিলাৰ দলটোৱে ৷

Women in Sachoni come out to control any disruption during period of Independence day
চাচনীত অভূতপূৰ্ব দৃশ্য

By

Published : Aug 7, 2022, 2:08 PM IST

নাহৰকটীয়া, 7 আগষ্ট: নিশা হাতত টৰ্চ লাইট আৰু লাঠি লৈ ৰাজপথত এদল মহিলাৰ তহলদাৰী । আৰক্ষী প্ৰশাসনৰ দৰে তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিছে দুচকীয়া আৰু চাৰিচকীয়া বাহনত অহা লোক সকলক । দুষ্কৃতিকাৰীয়ে যাতে গাঁওখনত কূটাঘাটমূলক কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মহিলাসকলে হাতত লৈছে এই পদক্ষেপ (Women patrolling on street in Sachoni)।

সমাগত স্বাধীনতা দিৱস (75th Independence day)। স্বাধীনতা দিৱস উপলক্ষে কোনো লোকে যাতে চাচনী অঞ্চলত প্ৰৱেশ কৰি কুটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিশা হ'লেই ৰাজপথত সষ্টম হৈ পৰিছে চাচনীৰ হুদুপৰা অঞ্চলৰ এইসকল মহিলা গাওঁৰক্ষী বাহিনী (Women Village Guard Force) ।

চাচনীত অভূতপূৰ্ব দৃশ্য

পুৰুষৰ সমান্তৰালকৈ এই সকল মহিলা গাঁওৰক্ষী বাহিনীয়ে ওৰে নিশা ৰাজপথত তহলদাৰী কৰাৰ লগতে চাচনী অঞ্চলত প্ৰৱেশ কৰা প্ৰতিগৰাকী লোকৰ ওপৰতে চোকা নজৰ ৰখাৰ উপৰিও প্ৰতিখন বাহনৰ নম্বৰ নোট কৰি গৈছে ৷ এইক্ষেত্ৰত মহিলা সকলক পূৰ্ণ সহযোগিতা আগবঢ়াইছে পুৰুষৰ গাঁওৰক্ষী বাহিনীৰ দলটোৱে ।

ঘৰুৱা কাম-কাজসমূহৰ মাজতো এই সকল মহিলা গাঁওৰক্ষী বাহিনীয়ে ওৰে নিশা তহলদাৰী কৰি নিজৰ গাঁওখন সুৰক্ষিত কৰিবলৈ যি প্ৰচেষ্টা হাতত লৈছে সেয়া নিশ্চয়কৈ আদৰণীয় আৰু প্ৰশংসনীয় ।

লগতে পঢ়ক:Awerness Rally at Manikpur: মাণিকপুৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ সজাগতা সমদল

ABOUT THE AUTHOR

...view details