মৰাণ,20 জানুৱাৰী: অসমীয়া জাতিৰ বাবে তাঁতশালখন অতি হেঁপাহৰ ৷ প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্ন সময়ত ৰচিত বিহুনাম আদিৰ মাজেৰে ফুটি উঠে ৷ মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে বোৱা বিহুৱান একোখন প্ৰিয়জনক উপহাৰত দিয়ে অসমীয়া শিপিনীয়ে ৷ তাঁতশালত প্ৰাণ পাই উঠা অসমীয়া সমাজৰ গামোচাৰ আজি দিনত বিশ্বৰজুৰি সন্মান আছে যদিও আধুনিক জাক-জমকতাত ক্ৰমাৎ নিঃশেষ হ’বলৈ ধৰিছে অসমৰ তাঁতশাল ৷ ইয়াৰ মাজতে তাঁত শালতে সপোন ৰচিছে এজাক মহিলাই ৷
ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত তেলীয়া পথাৰ গাৱঁত অৱস্থিত পুণ্য অৰণ্য বয়ন শিল্পৰ যোগেদি অঞ্চলটোৰ ১১৫ গৰাকী শিপিনী স্বাৱলম্বী হৈছে ৷ তেলীয়া পথাৰ গাৱঁৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী কন্দৰ্প সাগৰ দিহিঙীয়াই প্ৰতিষ্ঠা কৰা বয়ন কেন্দ্ৰটোৱে গাৱঁৰ মহিলাসকলক প্ৰদান কৰিছে আত্মনিৰ্ভৰশীতাৰ পথ ৷ যি সময়ত শিক্ষিত যুৱতী সকলে কৰ্মসংস্থান নাপাই কৰ্মবিমুখ হ'ব লগা হৈছে তেনে সময়ত তেলীয়া পথাৰ গাৱঁত জীয়ৰী মহিলা সকলোৱে তাঁত শালত সপোন ৰচি দেখুৱাইছে অন্য এক নিদৰ্শন ।