মৰাণ, 2 ফেব্ৰুৱাৰী :পথ সজাগতাৰ বাবে ডিব্ৰুগড় জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । মহিলা সকলেই ৰাজপথত পথ দুৰ্ঘটনাৰ সংখ্যা কম কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে । নিজৰ সন্তান বা নিজৰ স্বামীয়ে দুচকীয়া বা চাৰি চকীয়া বাহন লৈ ৰাজপথত উলালে যানবাহন আইন ভালদৰে মানি চলাৰ বাবে বাধ্য কৰিব পাৰে মহিলা সকলেই । সেয়ে ডিব্ৰুগড়ৰ ৰাজপথত মহিলাৰ মটৰ চাইকেল ৰেলীৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে জিলা প্ৰশাসনে ।
৩২ সংখ্যক পথ সুৰক্ষা সজাগতা মাহ উপলক্ষে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰৰ পৰা ডিব্ৰুগড় নগৰৰ মাজেৰে সেউজপুৰ লৈকে উলিওৱা হয় পথ সজাগতাৰ বাবে মহিলাৰ মটৰ চাইকেল ৰেলী । বিশেষকৈ ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে মটৰচাইকেল চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্যৰ পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়তো পৰিবহন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।