অসম

assam

ETV Bharat / state

মাইক্ৰ'ফাইনেন্সক নাকি লগাবলৈ মৰাণত একগোট হ'ল মহিলা - মাইক্ৰ' ফাইনেন্সৰ বিৰোধীতাৰে ওলাই আহিল মৰাণৰ মহিলা

যিসকল দৰিদ্ৰ মহিলাই ঋণলৈ বৰ্তমান ঋণ ঘূৰাই দিয়াত অসুবিধা হৈছে সেইসকল মহিলাক মাইক্ৰ'ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীসকলে মানসিক হাৰা-শাস্তি কৰাটো কেতিয়াও সহ্য কৰা নহ'ব বুলি আছাৰ উপ -সভাপতি ৰুস্তুম কুজুৰে হুংকাৰ দিয়ে ।

মাইক্ৰ' ফাইনেন্সৰ বিৰোধীতাৰে ওলাই আহিল মৰাণৰ মহিলা
মাইক্ৰ' ফাইনেন্সৰ বিৰোধীতাৰে ওলাই আহিল মৰাণৰ মহিলা

By

Published : Jan 11, 2020, 11:30 PM IST

মৰাণ,১১ জানুৱাৰী : দৰিদ্ৰ অসমীয়া মহিলাৰ সৰলতাৰ সুযোগ লৈ কেঁকোৰা চেপা দি কেৱল মহিলাগৰাকীকে নহয় পৰিয়ালটোকো আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন হৈছে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ ওপৰত । "এই ক্ষুদ্ৰ মাইক্ৰ ফাইনেন্স কোম্পানীসমূহৰ ঋণৰ বোজা সহ্য কৰিব নোৱাৰি বহুতো মহিলাই ইতিপূৰ্বে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে । মাইক্ৰ' ফাইনেন্স কোম্পানীৰ নীতি-নিৰ্দেশনা নোবুজাকৈ ঋণ লৈ কিস্তি পৰিশোধ কৰিবলৈ গৈ পৰিয়ালৰ সমস্ত সম্পত্তি বিক্ৰি বা বন্ধকত থৈ গৃহহাৰা হ'বলৈ বাধ্য হৈছে মহিলাসকল ৷ মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীসকলে বিকৃত মানসিকতাৰে গ্ৰাহকক জোৰ-জুলুম কৰি হাৰাশাস্তিৰে ধন আদায় কৰে ৷ এই মাইক্ৰ' ফাইনেন্স কোম্পানীক নাকী লগোৱাত বাংলাদেশী প্ৰেমী চৰকাৰ বিফল হৈছে ৷ "

মাইক্ৰ' ফাইনেন্সৰ বিৰোধীতাৰে ওলাই আহিল মৰাণৰ মহিলা

উক্ত অভিযোগসমূহ মৰাণৰ একাংশ মহিলাৰ ৷ মাইক্ৰ'ফাইনেন্সৰ কাৰ্যত ক্ষোভিত হৈ শনিবাৰে ওলাই আহিল ভুক্তভোগী মহিলাসকল । ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত মৰাণ চকলীয়া ৰাজহুৱা খেলপথাৰত স্থানীয় সমাজকৰ্মী দিপিকা চুতীয়াৰ সভানেত্ৰীত্বত এখন বিশাল সজাগতা সভা অনুষ্ঠিত হয় । স্থানীয় সমাজকৰ্মী পিংকী চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা বিশাল সজাগতা সভাত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকন, সম্পাদিকা মিতালী বৰুৱা, সহকাৰী সম্পাদিকা নিৰু বৰা আলি, অঞ্জুমণি দাস, মীনাক্ষি নেওঁগ, অনিমা চুতীয়া, আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰুস্তুম কুজুৰ আৰু ডিব্ৰুগড় জিলাৰ আছাৰ সম্পাদক মদন বাগোৰাই মহিলাসকলক মাইক্ৰ' ফাইনেন্স কোম্পানীৰ চৰম শোষণৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:তুলসী ওজাক অপমান : এগৰাকী ব্যৱসায়ীৰ কেনে এই ধৃষ্টতা

ABOUT THE AUTHOR

...view details