ডিব্ৰুগড়, 19 জুলাই: ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কাৰখানাত ভয়ংকৰ ঘটনা (Accident in Lepetkata tea estate) । চলন্ত চিটিচিত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফেক্টৰীত কৰ্মৰত যুৱতী (Woman worker falls into machine at factory) ।
লেপেটকটা চাহ বাগিচাৰ লক্ষ্মী টি কোম্পানীৰ অধীনত কৰ্মৰত মইনা নায়ক নামৰ যুৱতীগৰাকীৰ মূৰৰ চুলি আৰু ছাল সম্পূৰ্ণৰূপে এৰুৱাই নিলে ফেক্টৰীৰ চিটিচি মেচিনে ।