অসম

assam

ETV Bharat / state

ৰোগীৰ খবৰ ল'বলৈ আহি সন্ধানহীন মহিলা

খুৰীয়েকৰ অসুখৰ খবৰ ল'বলৈ আহি নিৰুদ্দেশ মহিলা ৷ টিংখাঙৰ ধোৱাপথাৰ লাচিতনগৰ গাঁৱৰ পৰা সন্ধানহীন এগৰাকী বিবাহিতা মহিলা ৷

By

Published : Nov 19, 2019, 6:59 PM IST

টিংখাঙত সন্ধানহীন মহিলা

ডিব্ৰুগড়, 19 নৱেম্বৰ : ডিব্ৰুগড় টিংখাঙৰ ধোৱাপথাৰ লাচিত নগৰ গাঁৱৰ পৰা সন্ধানহীন এগৰাকী বিবাহিতা মহিলা । চন্দ্ৰ তামাঙৰ পত্নী আৰু এটি সন্তানৰ মাতৃ তাৰা তামাং নামৰ মহিলাগৰাকী বিগত ২৮ অক্টোৱৰৰ পৰাই সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি ৷

টিংখাঙত সন্ধানহীন মহিলা

খবৰ অনুসৰি, বিগত ২৮ অক্টোৱৰত চৰাইদেউ জিলাৰ বিমলাপুৰত থকা খুৰীয়েকৰ অসুখৰ খবৰ ল'বলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী । স্বামীৰ লগতে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ সৈতে সোধ-পোচ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই মহিলা গৰাকীৰ । পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত বৰবাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

ABOUT THE AUTHOR

...view details