অসম

assam

By

Published : Jul 26, 2022, 9:19 PM IST

ETV Bharat / state

Assam Youth Olympics 2022: সোণৰ পদক আঁজুৰি স্ব-গৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল

ৰাজ্যত অনুষ্ঠিত হৈ আছে অসম যুৱ অলিম্পিক 2022 (Assam Youth Olympics 2022)৷ সোণৰ পদক আঁজুৰি স্ব-গৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল (Winner of Women Football team reached in Dibrugarh)৷

Winner of Women Football team  reached in Dibrugarh
সোণৰ পদক আজুৰি স্বগৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল

ডিব্ৰুগড়, 26 জুলাই:ৰাজ্যত যোৱা 22 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হৈ আছে অসম যুৱ অলিম্পিক 2022 (Assam Youth Olympics 2022)৷ সোণৰ পদক আজুৰি স্ব-গৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল (Winner of Women Football team reached in Dibrugarh)৷ মঙলবাৰে ডিব্ৰুগড় ৰে'লৱে ষ্টেশ্যনত দলটো উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনায় ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই ৷

যোৱা 25 জুলাইত তিনিচুকীয়াৰ মহিলা ফুটবল দলক পৰাস্ত কৰি স্বৰ্ণ পদক আজুৰি আনে ডিব্ৰুগড়ৰ মহিলা ফুটবল দলটোৱে (Women Football team won gold in Assam Youth Olympics 2022 ) ৷ তিনিচুকীয়া মহিলা ফুটবল দলটোৰ বিৰুদ্ধে ডিব্ৰুগড় মহিলা ফুটবল দলটোৱে ৩/২ গ'লৰ ব্যৱধানত জয়লাভ কৰে ৷ পুৱা 9 বজাৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দল দুটাৰ মাজত 5 মিনিটৰ বিৰতিৰে প্ৰায় 90 মিনিটৰ বাবে খেলখন অনুষ্ঠিত হৈছিল ৷

সোণৰ পদক আজুৰি স্বগৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল

মহিলা দলটি ডিব্ৰুগড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱাত দলটোক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্দ্ধনা জনাই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই ৷ আগন্তুক সময়ত অসম অলিম্পিকৰ বাবে খেলাৰ কথা ব্যক্ত কৰে দলটোৱে ৷ মহিলা দলটোৰ এই জয়ে ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে জিলা ক্ৰীড়া সন্থাই ৷

লগতে পঢ়ক:Assam Youth Olympics 2022: চাইক্লিঙত দুটাকৈ পদক অৰ্জন কৰিলে হীৰা বসুমতাৰীয়ে

ABOUT THE AUTHOR

...view details