মৰাণ, ২৯ অক্টোবৰ: ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱত বনৰীয়া ম'হৰ আতংক (Wild buffalo scare in Dibrugarh Deori block) । হেক্টৰে হেক্টৰে কৃষিভূমি অনিষ্ট সাধন কৰিছে বনৰীয়া ম'হে । কাণসাৰ নাই বন বিভাগ তথা জনপ্ৰতিনিধিৰ । উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় কৃষকৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ দেউৰী ব্লক গাঁৱতো বনৰীয়া ম'হে আতংকৰ সৃষ্টি কৰিছে কৃষক ৰাইজৰ মাজত ।
বছৰ বছৰ ধৰি ডিব্ৰুগড়ৰ জকাই বন খণ্ডৰ অধীনৰ দেউৰী ব্লক গাঁৱত কৃষিজীৱী লোকসকলৰ মাজত বনৰীয়া ম'হে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে (Wild buffaloes terror in Deori block village) । মূলত গাঁওখনৰ ১০০ শতাংশ লোকেই কৃষিজীৱী । খাৰিফেই হওক বা ৰবিশস্যৰ খেতিয়েই হওক এফালৰ পৰা বনৰীয়া ম'হে অনিষ্ট সাধন কৰাৰ ফলত বিমুখ হ'বলগীয়া হৈ পৰিছে গাঁওখনৰ কৃষকসকল ।
সৌৰশক্তিচালিত তাঁৰ ব্যৱহাৰ কৰি গাঁওখনৰ ৰাইজে ম'হৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে স্থানীয় বিধায়কক বাৰম্বাৰ অনুৰোধ কৰি আহিছে যদিও আজিকোপতি কোনো এজন বিধায়কে একো পদক্ষেপ গ্ৰহণ কৰা নাই । ফলত শংকিত হৈ পৰা পৰিলক্ষিত হৈছে স্থানীয় জনতা । উল্লেখযোগ্য যে বিগত এমাহ ধৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত দুটাকৈ বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল ।