অসম

assam

ETV Bharat / state

লেজাই-কলখোৱা অঞ্চলত বনৰীয়া ম'হৰ সন্ত্ৰাস

বান সমস্যাৰ পাচত এইবাৰ বনৰীয়া ম'হে সন্ত্ৰাসৰ সৃষ্টি কৰিছে লেজাই-কলখোৱাৰ বৃহত্তৰ অঞ্চলত ৷ বন বিভাগক খবৰ দিয়াৰ পাচতো তেওঁলোকে গাঁওবাসীৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

By

Published : Oct 13, 2020, 6:52 PM IST

বনৰীয়া ম'হৰ সন্ত্ৰাস
বনৰীয়া ম'হৰ সন্ত্ৰাস

মৰাণ, 13 অক্টোবৰ:সমস্যাই লগ এৰা নাই লেজাই-কলখোৱাবাসীক ৷ দীৰ্ঘদিনীয়া বান সমস্যাৰ পাচত এইবাৰ বনৰীয়া ম'হে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷ মেডেলা সংৰক্ষিত বনৰ পৰা জাকে জাকে বনৰীয়া ম'হ ওলাই আহি ধ্বংস কৰিছে সেউজীয়া ধাননি পথাৰ ৷ নিশা হ'লেই বনাঞ্চলৰ পৰা ওলাই সন্ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া ম'হে ৷

লেজাই-কলখোৱা অঞ্চলত বনৰীয়া ম'হৰ সন্ত্ৰাস

গাঁৱৰ ৰাইজে নানা পদ্ধতিৰে বাধা দিও ৰুধিব পৰা নাই বনৰীয়া ম'হৰ সন্ত্ৰাস ৷ গাঁওবাসীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে বনৰীয়া ম'হে ৷ কোনো কোনো সময়ত গাঁওবাসীকো খেদি আহে ম'হে ৷ শংকাৰে প্ৰতিদিন অতিবাহিত কৰা গাঁওবাসীৰ এতিয়া উপায়ন্তৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ অভিযোগ অনুসৰি,বন বিভাগক খবৰ দিয়াৰ পাচতো তেওঁলোকে গাঁওবাসীৰ সমস্যাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷

লগতে পঢ়ক:ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগত শিক্ষকক আটক

ABOUT THE AUTHOR

...view details