অসম

assam

By

Published : Jul 1, 2020, 9:36 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত বিজেপি নেতাৰ পত্নীৰ ৰহস্যজনক মৃত্যু

ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হৈছে শোৱনীকোঠাত ৷ ডিব্ৰুগড় আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ৷

Wife of bjp leader suspected death at dibrugarh assam etv bharat news
বিজেপি নেতাৰ পত্নীৰ ৰহস্যজনক মৃত্যু

ডিব্ৰুগড়,1 জুলাই:ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নয়ন দাসৰ পত্নীৰ মৃতদেহ উদ্ধাৰ হৈছে শোৱনী কোঠাত ৷ চহৰখনৰ বাণীপুৰস্থিত বাসগৃহত ৰহস্যজনকভাৱে ঘটা দাসৰ পত্নীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ছয় বছৰৰ পূৰ্বে নয়ন দাসৰ সৈতে প্ৰেম বিবাহ হৈছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ তোলনীয়া কন্যা তৰা দাসৰ ৷ শোৱনী কোঠাৰ ভিতৰত চাৰিবছৰীয়া কন্যাৰ সৈতে মঙলবাৰে নিশা শুই থকাৰ পিছত বুধবাৰে পুৱা চিপ লগা অৱস্থাত তৰা দাসৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জনাই নয়ন দাস আৰু পৰিয়ালৰ লোকে ৷

বিজেপি নেতাৰ পত্নীৰ ৰহস্যজনক মৃত্যু

উল্লেখ্য যে,তৰাই ভেণ্টিলেটৰত চিপ লৈ আত্মহত্যা কৰে বুলি স্বামী পৰিয়ালৰ লোকে প্ৰকাশ কৰাৰ লগতে আৰক্ষী ঘটনাস্থলী পোৱাৰ পূৰ্বে মৃতদেহটো নমাই আনে ৷ সম্প্ৰতি এই বিষয় সন্দৰ্ভত সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰাৰ লগতে অব্যাহত ৰাখিছে তদন্ত । ঘটনাৰ নিশা স্বামীয়ে কাষৰে আন এটা কোঠাত শুইছিল বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ৷

লগতে চাওকঃআগন্তুক বৰ্ষত দৰ্শনাথীৰ বাবে মুকলি হ'ব ধেমাজি হাবুঙৰ ঐতিহাসিক অঞ্চল

ABOUT THE AUTHOR

...view details