অসম

assam

ETV Bharat / state

বিলুপ্তিৰ পথত পক্ষীকুলৰ অভিযন্তা খ্যাত টোকোৰা চৰাই

পক্ষীকুলত অভিযন্তা ৰূপে পৰিচিত টোকোৰা চৰাই ৷ সাধাৰণতে নিজৰ আটোমটোকাৰী বাসস্থানৰ বাবে বিখ্যাত এই টোকোৰা চৰাই ৷ অৱশ্যে এতিয়া বিপদাপন্ন হৈ পৰিছে এই বিশেষ প্ৰজাতিৰ চৰাইবিধ ৷

weaver-birds-are-going-to-habbitate-lost-in-naharkatia
বিলুপ্তিৰ পথত ইঞ্জিনীয়াৰ চৰাই

By

Published : Apr 30, 2021, 10:10 PM IST

নাহৰকটীয়া , 30 এপ্ৰিল :কেতিয়াবা কাকিনী তামোলৰ পাতত, কেতিয়াবা বাৰীৰ এচুকত থকা কুঁহিয়াৰ কেইডালৰ পাতত সুন্দৰকৈ বাহ সজা চৰাইটো আপোনাৰ-মোৰ আটাইৰে চিনাকী ৷ কাৰোবাৰ বাবে চৰাইটোৰ নাম টোকোৰা চৰাই আন কাৰোবাৰ বাবে তাঁতী চৰাই ৷ কোনোবাই আকৌ এই চৰাইটোক ইঞ্জিনীয়াৰ চৰাই বুলিও কয় ৷ টোকোৰা চৰাইক ইংৰাজীত জনা যায় উইভাৰ বাৰ্ড নামেৰে ৷ আনহাতে, ইয়াৰ বৈজ্ঞানিক নাম হৈছে প্লচিআছ ফিলিপিনাছ ৷ পক্ষী কুলৰ ভিতৰত টোকোৰা চৰাই পৰিচিত অভিযন্তা চৰাই ৰূপে ।

উল্লেখযোগ্য যে, অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায় টোকোৰা চৰাই । সমগ্ৰ বিশ্বত এই চৰাই বিধৰ আছে কেইবাটাও প্ৰজাতি । বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিৰ বুকুলৈ নামি আহে বহু পৰিৱৰ্তন । প্ৰকৃতিয়ে আন জীৱ-জন্তুৰ লগতে এইবিধ চৰাইৰ জীৱনলৈও আনে পৰিৱর্তন । এই বসন্ত ঋতুতে টোকোৰা চৰায়ে নিজৰ জীৱনচক্ৰ বৰ্তাই ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰে বাহ সজাৰ কাম । কিন্তু অতি পৰিতাপৰ কথা যে, বৰ্তমান ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে নাহৰকটীয়া অঞ্চলতো ব্যাপক ৰূপত কমি আহিছে এই চৰাইবিধৰ সংখ্যা ।

বিলুপ্তিৰ পথত ইঞ্জিনীয়াৰ চৰাই

এসময়ত, ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহত একেবাৰে সহজে দেখিবলৈ পোৱা এই চৰাইবিধ বৰ্তমান সময়ত একপ্ৰকাৰ দুৰ্লভ হৈ পৰিছে । বিশেষকৈ পৰিৱেশ প্ৰদূষণ, নগৰাঞ্চল বৃদ্ধি, গছ-গছনি হ্ৰাসৰ লগতে কৃষিভূমিৰ পৰিসৰ হ্ৰাস আদিয়েই এই চৰাইবিধৰ সংখ্যা কম হোৱাৰ প্ৰধান কাৰণ হিচাপে ধাৰণা কৰা হৈছে । পথাৰ আৰু গছ-গছনিৰ আলমতেই জীৱন নিৰ্বাহ কৰা এই প্ৰজাতিটো আজি বিপদাপন্ন হৈ পৰিছে ।

ইফালে, বিভিন্ন চিকাৰী চৰাইৰ ত্ৰাসত থকা এই চৰাইবোৰৰ গড় আয়ুসো একেবাৰে কম । জন্ম-মৃত্যুৰ হাৰৰ তাৰতম্যৰ বাবেও চৰাইবিধৰ বিচৰণ কমি আহিছে । অৱশ্যে, বৰ্তমান প্ৰাকৃতিক পৰিৱেশত টোকোৰা চৰাইৰ সংখ্যা কমিবলৈ ধৰিছে যদিও নিঃশেষ হৈ যোৱা নাই । যদিহে, জীৱশ্ৰেষ্ঠ মানৱে সতৰ্ক হৈ এই চৰাইবিধৰ আবাস তথা বিচৰণ ভূমিবোৰৰ সুৰক্ষা প্ৰদান কৰে পক্ষীকুলত অভিযন্তা ৰূপে পৰিচিত এই প্ৰজাতিতো প্ৰকৃতিৰ বুকুত জীয়াই থাকিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক :প্ৰতিষেধক বিতৰণৰ বাবে তেলেংগানাত হ'ব ড্ৰোণ ব্যৱহাৰৰ পৰীক্ষণ

ABOUT THE AUTHOR

...view details