অসম

assam

ETV Bharat / state

বৃহৎ সাফল্যৰ দিশে ডিব্ৰুগড় স্থিত ICMR - rose

বৃহৎ সাফল্যৰ দিশে ডিব্ৰুগড়ৰস্থ ইণ্ডিয়ান কাউঞ্চিল ফ'ৰ মেডিকেল কাউঞ্চিল চমুকৈ ICMR । বিশ্বব্যাপী ভয়ংকৰ ৰূপ গ্ৰহণ কৰা ক'ভিড-১৯ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ দিশত প্ৰথম পদক্ষেপ সফলতাৰে সম্পন্ন হৈছে । ক'ভিড-১৯ৰ ভাইৰাছ পৃথক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ লাহোৱালস্থিত ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ(RMRC) ।

বৃহৎ সাফল্যৰ দিশে ডিব্ৰুগড়ৰস্থ ICMR
way-to-big-success-of-icmr dibrugarh

By

Published : Jul 5, 2020, 10:22 PM IST

ডিব্ৰুগড়,৫জুলাই: এটা ডাঙৰ খবৰ। বিশ্বৰ বিভিন্ন উন্নত দেশত মহামাৰী ক'ৰণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ সন্দৰ্ভত গৱেষণা চলাই বিফল হৈ অহাৰ সময়তে ডিব্ৰুগড়ৰ পৰা আহিছে এই ডাঙৰ খবৰটো । RMRCত দিনে-নিশাই ক'ৰণা ভাইৰাছৰ ভেকচিন সন্দৰ্ভত গৱেষণা চলি আছিল । RMRCৰ সঞ্চালক ড৹ কে নাৰায়ণ, বিজ্ঞানী তথা ন'ডেল বিষয়া ড৹ বিশ্বজ্যোতি বৰকাকতিৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে চলাইছিল এই গৱেষণা । শেহতীয়াকৈ ক'ভিড-১৯ ভাইৰাছক পৃথক কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীৰ দলটোৱে ।

way-to-big-success-of-icmr dibrugarh

দেওবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱাৰ সঞ্চালক ডা৹ নৱজ্যোতি গগৈ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সহিতে লাহোৱালৰ RMRCত উপস্থিত হৈ এই বিশেষ সাফল্য অৰ্জন কৰা ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডঃ কে নাৰায়ণ, বিজ্ঞানী তথা ন'ডেল বিষয়া ডঃ বিশ্বজ্যোতি বৰকাকতি সহ দিনে নিশাই কাম কৰি থকা বিজ্ঞানীসকলৰ লগতে সকলো কৰ্মচাৰীবৃন্দক একোখনকৈ গামোচা আৰু এপাহিকৈ গোলাপ ফুলেৰে সম্বৰ্ধনা জনায় । উপায়ুক্ত ঝাই বিজ্ঞানীসকলৰ দলটোৰ সৈতে বৰ্তমান ক'ভিড-১৯ ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে চলি থকা গৱেষণামূলক কামসমূহৰো বুজ লয় । বিশ্বৰ বিভিন্ন উন্নত ৰাষ্ট্ৰত ক'ৰণা ভাইৰাছৰ ভেকচিন সন্দৰ্ভত গৱেষণা চলি থকা সময়তে ICMRৰ এই বৃহৎ সাফল্য সাফল্যই স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াই আনিছে ।

way-to-big-success-of-icmr dibrugarh

ABOUT THE AUTHOR

...view details