ডিব্ৰুগড়, 24 আগষ্ট :ব্ৰহ্মপুত্ৰৰ জলপথেৰে আন্তৰ্জাতিক বাণিজ্যৰ ভেটি গঢ়াৰ লক্ষ্য লৈ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক আঁচনি গ্ৰহণ কৰিছে । কেন্দ্ৰই গ্ৰহণ কৰা আঁচনি অনুসৰি, ব্ৰহ্মপুত্ৰৰ পৰা বংগোপ সাগৰেদি আৰম্ভ হ’ব এই আন্তৰ্জাতিক বাণিজ্যৰ পথ । এই পথেদি ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰা হ’ব ।
ব্ৰহ্মপুত্ৰৰ জলপথটো বংগোপ সাগৰৰ সৈতে যোগাযোগ ব্যৱস্থা সুচল কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ৰপ্তানিৰ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰচেষ্টা ল'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টাত চিতাগঞ্জ বন্দৰ ইতিমধ্যে মুকলি কৰা বুলি কৈ ব্ৰহ্মপুত্ৰ নদীয়ে গৈ বংগোপ সাগৰ সৈতে চামিল হৈ ভাৰত মহাসাগৰে দি গৈ বিশ্বৰ বিভিন্ন দেশত আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সুযোগ লাভ কৰা বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছত প্ৰথমবাৰলৈ গৃহ চহৰত প্ৰৱেশ কৰি ডিব্ৰুগড়ত আয়োজিত কৰা বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ, স্থল পৰিবহণ আৰু আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়ৰ সন্তান প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মঙলবাৰে গৃহ চহৰত বিপুল সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।