ডিব্ৰুগড়, ১২ অক্টোবৰ :ডিব্ৰুগড়ত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পাছতো সমস্যাই জুৰুলা কৰিছে ডিব্ৰুগড়ৰ ৰাইজক । দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত এটি শক্তিশালী ডিব্ৰুগড় সুৰক্ষা বান্ধ নিৰ্মাণ কৰিব নোৱাৰিলে জলসম্পদ বিভাগে । মন্ত্ৰী পীযুষ হাজৰীকাৰ (Water Resource minister Pijush Hazarika) দাম্ভিকতা উদঙাই দিলে ডিব্ৰুগড়ৰ ৰক্ষাকৱচ নগৰ সুৰক্ষা বান্ধে ।
ৰাইজে খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বাৰে বাবে আবেদন কৰাৰ পাছতো ৰাইজৰ কথাত গুৰুত্ব নিদিয়াত মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড়ৰ ৰক্ষাকৱচ নগৰ সুৰক্ষা বান্ধ (Dibrugarh security dam washes away by Brahmaputra) । মাইজানত খহি গ'ল বান্ধটোৰ এটা বৃহৎ অংশ । যাৰ বাবে মঙলবাৰে বান্ধ নিৰ্মাণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহে পাঁচ সহস্ৰাধিক জনতা । লগতে জলসম্পদ বিভাগৰ বিৰুদ্ধে উজাৰে প্ৰচণ্ড ক্ষোভ । আনহাতে, ৰঙা মাটিৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাত ক্ষুণ্ণ হৈ পৰিছে ৰাইজ ।
উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি (Massive erosion by Brahmaputra at Maijan Dibrugarh) আহিছে যদিও চলিত বৰ্ষত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ-বাৰী উচ্ছেদ হৈছে ।