মৰাণ, ২ জুলাই:এতিয়াও আঁতৰা নাই বান বিভিষিকা(Flood situation in Assam) । কোনো কোনো প্ৰান্তত পানী কিছু কমিছে যদিও এতিয়াও বানৰ কবলত বিস্তীৰ্ণ অঞ্চল । ইফালে এতিয়াও ফেনে ফুটুকাৰে বাঢ়ি আছে বিভিন্ন নৈ উপনৈৰ জলপৃষ্ঠ । একেদৰে বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নদীখনে ।
ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে পানী সোমাই বুৰাই পেলালে খোৱাঙৰ তিনিখনকৈ গাঁও(Water level of the Burhi Dihing is rising steadily) । হালধিবাৰী অঞ্চলৰ ১নং মইনা গাঁও, ২নং মইনা গাঁও আৰু বৰবিলৰ এটা অঞ্চল বৰ্তমান পানীৰ তলত । তিনিওখন গাঁৱৰ ৭০ টাৰো অধিক পৰিয়ালে এতিয়া বাঢ়নী পানীৰ কবলত পৰি হাঁহাকাৰ কৰিব লগা হৈছে । গাঁওখনৰ মূল পথটো বুৰাই পেলোৱাত এতিয়া টুলুঙা নাওখনেই যাতায়তৰ একমাত্ৰ ভৰসা হৈ পৰিছে গাঁওবাসীৰ বাবে ।
উল্লেখ্য যে প্ৰায় ২ বছৰ আগতেও খোৱাঙৰ মইনা গাঁৱত বুঢ়ীদিহিং নদীৰ ৰিং বান্ধটো ছিগিছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । এই ভগ্ন ৰিং বান্ধটো দুটা বছৰে কোনো মেৰামতি নকৰাৰ ফলতেই পুনৰ বুঢ়ীদিহিং নদীৰ পৰা হোৰা-হোৰে পানী সোমাই প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চলটো । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি জল সম্পদ বিভাগৰ লোকে ভগ্ন অংশ বাৰে বাৰে জোখ-মাখ কৰি নিছিল যদিও আজি পৰ্যন্ত মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে ।