মৰাণ, ২২ আগষ্ট:গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ অধ্যক্ষ তথা অসম সন্তান হৰ্ক বাহাদুৰ ছেত্রীক সন্মানিত কৰা হৈছে 'Pillar of Society 2021-22' বঁটাৰে । Social Justice for international civil rights council affiliated to United Nations নামৰ সংস্থাটোৱে নতুন দিল্লীৰ সাংবিধানিক ক্লাৱত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয় ।
সোমবাৰে আন্তৰ্জাতিক বঁটা গ্ৰহণ কৰি দিল্লীৰ পৰা উভতি অহা ছেত্রীক ডিব্ৰুগড়ৰ মোহনবাৰী বিমান কোঠত(Mohanbari Airport)অৱতৰণ কৰাৰ পিছতেই উষ্ম আদৰণি জনোৱা হয় । সৰ্মথকসকলে উষ্ম আদৰণি জনোৱাৰ লগতে এক শোভাযাত্ৰাৰে ছেত্রীৰ ধেমাজি জিলাৰ গোগামুখস্থিত স্ব-গৃহলৈ আগবঢ়াই নিয়ে । স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই অগনন দল-সংগঠনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ।