ডিব্ৰুগড়, 5 আগষ্ট : একাংশ উদণ্ড ছাত্ৰৰ বাবে লজ্জিত হ’ল এইবাৰ ডিব্ৰুগড়বাসী ৷ গুৱাহাটী মহানগৰীৰ কটন বিশ্ববিদ্যালয়কে ধৰি আগশাৰীৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত উদণ্ড ছাত্ৰৰ মাৰপিটৰ দৰে হিংসাত্মক ঘটনাসমূহ (Clashes in Dibrugarh) দেখি শুনি ৰাইজ তথা সচেতন মহল অতিষ্ঠ হোৱা সময়তে এইবাৰ ডিব্ৰুগড়ৰ সভ্য সমাজক লজ্জানত কৰি ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ মাজত সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা ।
ছাত্ৰৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটে জোকাৰণি তুলিছে ডিব্ৰুগড়ৰ সচেতন মহলত (Warm Situation at Don Bosco School of Dibrugarh) । কিয়নো ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানে অধ্যয়ন কৰে বুলি সকলোৰে জ্ঞাত । বৃহস্পতিবাৰে ডিব্ৰুগড় ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট ।
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ প্ৰহাৰত প্ৰথম বৰ্ষৰ 34 জন ছাত্ৰ আহত হয় ৷ ইয়াৰে 14 জন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমানেও AMCH ৰ জৰুৰী বিভাগত চিকিৎসাধীন বহু কেইজন ছাত্ৰ । তথ্য অনুসৰি, 29 জন ছাত্ৰক এমাহৰ বাবে নিলম্বন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।