মৰাণ, 26 অক্টোবৰ : বগীবিল দলঙৰ তলত পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰতিচ্ছবি আঁকি চৰ্চিত হৈছে ধেমাজিৰ এজন যুৱক ৷ বগীবিলৰ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, যুৱকজনে দুজন সহযোগীৰ সৈতে কেৱল এঘণ্টা সময়তে অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰতিচ্ছবি অতি সুন্দৰকৈ অংকণ কৰি থৈ যায় । সম্প্ৰতি উক্ত ছবিখনে সমাদৰ বুটলিবলৈ সক্ষম হৈছে ।
শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং - যাদৱ পায়েঙৰ অনুৰাগীৰ ভিৰ
ধেমাজিৰ এজন যুৱকে বগীবিল দলঙৰ তলত যাদৱ পায়েঙৰ প্ৰতিচ্ছবি অংকণ কৰিলে ৷ ইয়াৰ পাছতে বগীবিল দলঙত যাদৱ পায়েঙৰ অনুৰাগীৰ ভিৰ ৷
অৰণ্য মানৱ যাদৱ পায়েং
এই খবৰ লাভ কৰি বহু অনুৰাগীয়ে যাদৱ পায়েঙৰ প্ৰতিচ্ছবি চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, ছবি অংকণ কৰা যুৱকজন ধেমাজিৰ বুলি জানিব পৰা গৈছে যদিও তেওঁৰ নাম আৰু পৰিচয় এতিয়াও ৰাজহুৱা হোৱা নাই ।
লগতে পঢ়ক :গোৰ্খাসকলৰ দঁচৈ উৎসৱ উদযাপন
TAGGED:
যাদৱ পায়েঙৰ অনুৰাগীৰ ভিৰ