ডিব্ৰুগড়,10মাৰ্চ:ৰাজ্যবাসীৰ বাবে এখন চিনাকী মুখ W দা ৷ অসমৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ,সাংবাদিক,অভিনেতা হৰিবিনোদ বাৰ্মাৰে আন এটা পৰিচয় হৈছে W দা ৷ ছবি জগত,ৰাজনৈতিক জগত সকলোতে আছিল W দাৰ সমাদৰ ৷ বিগ বি অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি দেৱানন্দ, ঋষি কাপুৰ, আচৰাণী, হেমা মালিনী, ঐশ্বৰ্য ৰায়লৈ, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, শংকৰ দয়াল শৰ্মা, এল কে আডৱানী, মনমোহন সিং, ভেংকাইয়া নাইডু, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাললৈ আৰু সুকন্ঠী গায়িকা লতা মংগেশকাৰৰ পৰা উষা মংগেচকাৰ, সুধাকন্ঠ ভূপেন হাজৰিকা, কিশোৰ কুমাৰ, মহম্মদ ৰফি, মহেন্দ্ৰ কাপোৰ, জয়ন্ত হাজৰিকালৈকে প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰে সান্নিধ্য লাভ কৰিছিল ডব্লিউ দাই ৷
তদুপৰি বৃষ্টি, আজলী নবৌ, সোণমা, মধুচন্দ্ৰা, ৰতনলালকে ধৰি বহু জনপ্ৰিয় ছবিত অভিনয় কৰি অসমবাসী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ডিঙিত এটা কেমেৰা লৈ ঘূৰি ফুৰা চুটি চাপৰ ষ্টাইলিছ ব্যক্তিগৰাকীয়ে ৷ কাৰ ফটো তোলা নাই তেওঁ ৷ সত্তৰৰ পৰা নব্বৈ দশকলৈ কিমান যে বিখ্যাত লোকক নিজৰ কেমেৰাত আবদ্ধ কৰিলে Wদাই, তাৰ হিচাপ নাই ৷