ডিব্ৰুগড়, ২ জুন :ডিব্ৰুগড় জিলাৰ মুঠ ২৩৪ টা উপকেন্দ্ৰৰ অধীনস্থ ১,৩৬৯ খন গাঁও সামৰি স্বাস্থ্য বিভাগে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পর্যায়ৰ অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । সেইমর্মে একোজন চিকিৎসা বিষয়াৰ নেতৃত্বত সামূহিক স্বাস্থ্য বিষয়া, আশাকর্মী, এ এন এম, এম পি ডব্লিউ আদিক লৈ প্ৰতিটো ব্লকতে সামূহিক তদাৰকী গোট গঠন কৰা হৈছে এই গোটত এজন লেবৰেটৰী টেকনিচিয়ানো অন্তৰ্ভূক্ত কৰা হৈছে ।
তাৰোপৰি ৱাৰ্ড মেম্বাৰ, গাঁওবুঢ়া, অংগনবাড়ী কর্মী আদিয়েও গোটসমূহক সহযোগিতা আগবঢ়াব । উল্লেখ্য যে, সামূহিক তদাৰকী গোটে নির্দিষ্ট গাঁওসমূহলৈ যোৱাৰ পূৰ্বে আশাকৰ্মীয়ে ঘৰে ঘৰে গৈ তদাৰকী গোটৰ পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া লোকসকলৰ তালিকা তৈয়াৰ কৰিব । জ্বৰ, কাহ, মেলেৰিয়া, ডায়েৰিয়া, ডেংগী, একিউট এনকেফেলাইটিছ চিনড্রম আদি ৰোগত ভোগা লোকৰ নাম ইয়াত অন্তৰ্ভূক্ত কৰা হ'ব আৰু সামূহিক তদাৰকী গোটে নির্দিষ্ট গাওঁখনত গৈ তেওঁলোকৰ যাৱতীয় পৰীক্ষা কার্য সম্পাদন কৰিব ।