মৰাণ, ২৯ জুলাই :দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা অসম চৰকাৰ শেহতীয়াভাৱে ৰাজ্যত দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে (Assam government zero tolerance in corruption) । শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই বিশেষ তৎপৰতাৰে ৰাজ্যৰ কেইবাটাও স্থানত অভিযান চলায় ।
তাৰেই অংশ হিচাবে আজি ডিব্ৰুগড় জিলাতো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযানত নামে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই । উক্ত অভিযানতে খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (Khowang Block primary education officer caught taking bribe) । উল্লেখ্য, ইয়াকে লৈ আজি চৰকাৰী বিষয়াৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে লোৱা এইটো দ্বিতীয়টো ব্যৱস্থা । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ (Vigilance and Anti Corruption) এটা দলে আজি খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় নৱজ্যোতি শৰ্মা নামৰ বিষয়াজনক ।
লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে খোৱাং খণ্ড প্ৰাথমিক বিযয়া নৱজ্যোতি শৰ্মাক (Vigilance and Anti Corruption arrested Khowang block education officer) । উল্লেখ্য বিষয়াজন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ডিলিং এছিষ্টেণ্ট হিচাপে (Dealing assistant of Khowang primary education block arrested) কৰ্মৰত । অধিক তথ্যৰ বাবে দুৰ্নীতি নিবাৰক শাখাই ধৃত বিষয়াজনক কাৰ্যালয়টোৰ ভিতৰতে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে ।