অসম

assam

By

Published : Nov 22, 2021, 10:41 PM IST

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে কৰিলে অপসাৰণ । এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ।

Dibrugarh University Vice Chancellor Dr Ranjit Kumar Tamuli suspended
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক বৰ্খাস্ত

ডিব্ৰুগড়, 22 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে কৰিলে অপসাৰণ । ৰাজ্যপালে গঠন কৰি দিয়া উচ্চস্তৰীয় তদন্ত কমিটীৰ প্ৰতিবেদনৰ জৰিয়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত নিলম্বন কৰা হৈছিল ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৷

ইয়াৰ পাচতে ন্যায়িক যুঁজ আৰম্ভ কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য গৰাকীয়ে ৷ এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক । এতিয়াৰ পৰা বিদ্যালয়ৰ লগত কোনো সম্পৰ্ক নাথাকি ড৹ ৰঞ্জিত কুমাৰ তামুলীৰ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক বৰ্খাস্ত

উল্লেখ্য যে, ৰঞ্জিত কুমাৰ তামুলীৰ বিৰুদ্ধে ভিন্ন অনিয়ম, বিত্তীয় কেলেংকাৰিৰ সংঘটিত কৰা অভিযোগ উত্থাপন কৰিছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াত আৰম্ভ হৈছিল উপাচাৰ্য বিৰুদ্ধে প্ৰতিবাদ ৷ আছু, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক-কৰ্মচাৰী সকলোৱে প্ৰতিবাদ কৰিছিল ৰঞ্জিত কুমাৰ তামুলীৰ বিৰুদ্ধে ।

আন্দোলনৰ সমান্তৰালভাৱে সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বিষয়টো প্ৰকাশ পোৱাৰ পাচতে বিষয়টোৰ সন্দৰ্ভত তদন্ত বাবে এখন উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰি দিছিল ৰাজ্যপালে ৷ সেই সময়তে উচ্চস্তৰীয় তদন্ত কমিটীৰ প্ৰতিবেদনতে দোষী সাব্যস্ত হৈছিল একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলী ৷

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন

For All Latest Updates

ABOUT THE AUTHOR

...view details