অসম

assam

ETV Bharat / state

পথাৰত পৰিণত বিধায়ক চক্ৰধৰ গগৈৰ সমষ্টিৰ পথ - বিধায়ক চক্ৰধৰ গগৈ

বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পানীতোলা পুখুৰী গাঁৱৰ ৰাইজে পথটো নিৰ্মাণৰ বাবে বহু আবেদন-নিবেদন কৰিও কোনো সুফল পাবলৈ সক্ষম নহ'ল ৷ সেয়ে পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত চৰকাৰখনে পথটো উন্নীতকৰণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷

Moran
চক্ৰধৰ গগৈৰ সমষ্টিৰ পথ

By

Published : Aug 4, 2020, 5:03 PM IST

মৰাণ, 4 আগষ্টঃমৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰণি গাঁও পঞ্চায়তৰ এটা ঐতিহাসিক পথ হৈছে ধুম চিৰিং ফুকন পথ । মৰাণৰ পৰা লাওখোৱা আলি হৈ নিতাই সংযোগী পানীতোলা পুখুৰী পথটো ৰজাদীনিয়া সময়তে নিৰ্মাণ হোৱা পথ । পানীতোলা পুখুৰী গাঁৱতে আছে ৰজাদিনীয়া বৰপুখুৰী আৰু ধুম চিৰিং ফুকনৰ দুটাকৈ মৈদাম । কিন্তু ক্ৰমাৎ অস্তিত্বহীন হ'বলৈ ধৰিছে এই ঐতিহাসিক পথটো । একপ্ৰকাৰে কৃষকৰ বাবে হাল বোৱাৰ উপযোগী হৈ পৰিছে এই পথছোৱা ৷

লগতে পঢ়কঃনগাঁও হাস্পতালত নাৰ্ছৰ ওপৰত চিকিৎসকৰ গুণ্ডাৰাজ

বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পানীতোলা পুখুৰী গাঁৱৰ ৰাইজে পথটো নিৰ্মাণৰ বাবে বহু আবেদন-নিবেদন কৰিও কোনো সুফল পাবলৈ সক্ষম নহ'ল ৷ সেয়ে পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত চৰকাৰখনে পথটো উন্নীতকৰণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷

বিজেপি চৰকাৰে উক্ত পথছোৱা যাতায়ত বাবে সুচল কৰি দিব বুলি ৰাইজে আশা কৰিছিল যদিও বাস্তৱত তেনে নোহোৱাত এতিয়া মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । বিধায়কগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়কগৰাকীয়ে চাৰি বছৰে ৰাইজৰ সমস্যা প্ৰতি অকণো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details