মৰাণ, 23 ছেপ্তেম্বৰ :ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে গাড়ী চুৰি চক্ৰ ৷ বিভিন্ন কামৰ নামত গাড়ী ভাড়ালৈ নি উধাও হয় একাংশ গাড়ী চোৰ ৷ এইবাৰ নাহৰকটীয়াৰ পৰা গাড়ী চুৰিৰ এক ঘটনা পোহৰলৈ আহিছে ৷
অভিযোগ অনুসৰি, প্ৰায় দুই-তিনিদিন পূৰ্বে নাহৰকটীয়াৰ পৰা চন্দন শৰ্মা নামৰ এগৰাকী লোকৰ পৰা AS 06-AC-8404 নম্বৰ বলেৰ' পিক আপ বাহনখন ভাড়ালৈ লৈছিল দুজন যুৱকে ৷ চন্দন শৰ্মাই অৱগত কৰা অনুসৰি, ফল ব্যৱসায়ী দুজনে টিংখাঙৰ পৰা দুলীয়াজানলৈ কল অনাৰ নামত গাড়ীখন ভাড়ালৈ লৈছিল ৷ কিছু দূৰ যোৱাৰ পাচত ব্যৱসায়ী দুজনে বাগানৰ মাজৰ এটা নিজান ৰাস্তাৰ ফালে গাড়ীখন নিবলৈ কয় চালক চন্দন শৰ্মাক ৷
কিছু দূৰ যোৱাৰ পাচত পৰিস্থিতি কিছু বিষম দেখি চালক চন্দন শৰ্মাই গাড়ীখন নিবলৈ অমান্তি হয় ৷ তেতিয়াই ঘটে এক অঘটন ৷ চালকগৰাকীক ফল ব্যৱসায়ী বুলি পৰিচয় দিয়া ব্যক্তি দুজনে বন্দুক দেখুৱাই, হাত-ভৰি বান্ধি নাগালেণ্ড সীমান্তৰ এক অঞ্চলত পেলাই থৈ যায় ৷ তাৰ পাচত দুজন যুৱকে গাড়ীখন লৈ উধাও হয় ৷