মৰাণ 19 এপ্ৰিলঃদেশজুৰি লক ডাউন চলি থকাৰ ফলত ৰাজ্যৰ আৰক্ষী প্ৰশাসনে লক ডাউনৰ কিছু নতুন নীতি নিয়ম নিৰ্ধাৰণ কৰি যান-বাহন চলাচলৰ কিছু বাধা আৰোপ কৰিছে । প্ৰশসানৰ অনুমতি অবিহনে অন্য জিলাৰ পৰা খাদ্য সামগ্ৰীকে ধৰি পাচলি অনা নিয়াত কঠোৰ নিয়ম ৰূপায়ণ কৰিছে প্ৰশাসনে । এনে সময়তে ডিব্ৰুগড় খোৱাঙত দেওবাৰে পাচলি ভৰ্তি এখন টাটা জেনন গাড়ী জব্দ কৰে খোৱাং আৰক্ষীয়ে । আজি পুৱাই খোৱাঙৰ দুজন যুৱক ক্ৰমে আচিদুৰ হুছেইন আৰু ৰাজীৱ হুছেইনে দৰং জিলাৰ অনুমতি থকা এখন টাটা জেনন গাড়ীত পাচলি সমূহ আনি নিজ গৃহত ৰাখি থৈছিল ।
লক ডাউন অমান্য কৰাৰ বাবে খোৱাঙত পাচলি ভৰ্তি গাড়ী জব্দ - দৰং জিলাৰ অনুমতি থকা এখন টাটা জেনন গাড়ীত
দেওৱাৰে পুৱাই খোৱাঙৰ দুজন যুৱক ক্ৰমে আচিদুৰ হুছেইন আৰু ৰাজীৱ হুছেইনে দৰং জিলাৰ অনুমতি থকা এখন টাটা জেনন গাড়ীত পাচলি সমূহ আনি নিজ গৃহত ৰাখি থৈছিল ।
স্থানীয় ৰাইজৰ অভিযোগৰ পাছত আৰক্ষীয়ে গাড়ীখন জব্দ কৰি থানালৈ লৈ আহে । নাম্বাৰ প্লেট বিহীন গাড়ীখনত একাংশ লোকে নগাঁৱৰ পৰা পাচলি সমূহ অনা হৈছিল বুলি দাবী কৰাৰ বিপৰীতে যুৱক কেইজনে ধেমাজিৰ পৰা পাচলি সমূহ অনা হৈছে বুলি কয়। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত নিজাববীয়াকৈ এক গোচৰ ৰুজো কৰি পাচলি ভৰ্তি গাড়ীখন নিজ জিলালৈ ঘূৰাই পঠিয়াইছে । উল্লেখ্য যে ভয়াৱহ কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে শাক-পাচলি কঢ়িয়াই অনা গাড়ী সমূহৰ ওপৰত জিলা ভিত্তিত কিছুমান নিয়মাৱলী বান্ধি দিছিল । কিন্তু চৰকাৰৰ এই নিয়মাৱলীক অংগুষ্ঠ প্ৰদৰ্শন কৰি এই যুৱক কেইজনে অন্য জিলাৰ পৰা শাক-পাচলি আনি খোৱাং আৰু মৰাণত বিক্ৰী কৰিছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কেৱল মুনাফা লাভৰ স্বাৰ্থত যুৱক কেইজনে এই ব্যৱসায় কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।
লগতে পঢকঃ ৰহাত লক ডাউনৰ বাবে বাতিল ঐতিহাসিক গোঁসাই মেলা