মৰাণ, ১০ ছেপ্টেম্বৰ :পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে লৈছে এটাৰ পাছত আন এটা জনবিৰোধী সিদ্ধান্ত । ৰাইজৰ তীব্ৰ প্ৰতিবাদ আৰু বিৰোধিতাৰ পাছতো বিজেপি চৰকাৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বগীবিলৰ টোল গেট (Toll gate) মুকলি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে টোল গেট নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰিছে নিৰ্মাণকাৰী সংস্থাই ।
দল-সংগঠনৰ প্ৰতিবাদৰ পাছতো চৰকাৰে বগীবিল টোল গেট মুকলিৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাক লৈ পুনৰ সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক প্ৰিয়ৱত গোহাঁইয়ে কয় যে টোল গেট স্থাপন কৰি চৰকাৰে খিলঞ্জীয়া লোকৰ ওপৰত চলাবলৈ লোৱা কোনো ধৰণৰ শোষণ মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে টোল গেট ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সম্পাদক গৰাকীয়ে ।