অসম

assam

By

Published : Jul 7, 2022, 10:57 PM IST

ETV Bharat / state

Van Mahotsav 2022: নাহৰকটীয়াত ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচী অব্যাহত

ৰাজ্যজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৭৩ সংখ্যক বন মহোৎসৱ (Van Mahotsav tree plantation drive continues across Assam ) ৷ 1 জুলাইৰ পৰা ৭৩ তম বন মহোৎসৱ সপ্তাহ পালন কৰা হৈছে নাহৰকটীয়া মহাবিদ্যালয়ত (Van Mahotsav tree plantation drive continues in Naharkatia)৷

Van Mahotsav tree plantation drive continues in Naharkatia
নাহৰকটীয়াত ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচী অব্যাহত

নাহৰকটীয়া, 7 জুলাই :সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়াতো ধাৰাবাহিক ভাৱে চলি আছে ৭৩ সংখ্যক বন মহোৎসৱৰ কাৰ্যসূচী (Van Mahotsav tree plantation drive continues across Assam )৷ যোৱা 1 জুলাইৰ পৰা ৭৩ তম বন মহোৎসৱ সপ্তাহ পালন কৰা হৈছে নাহৰকটীয়া মহাবিদ্যালয়ত (Van Mahotsav tree plantation drive continues in Naharkatia)৷

নামফাকে বৌদ্ধ বিহাৰ পৰিচালনা সমিতি আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীন মান নিশ্চিতকৰণ কোষ আৰু ইক' ক্লাবৰ উদ্যোগত নাহৰকটীয়া মহাবিদ্যালয়ত বহুতো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

এই সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে কয় যে- আজিৰ এই গছপুলি সমূহ ডাঙৰ হ'লে নাহৰকটীয়া মহাবিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে জীৱকূলক প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ যোগান ধৰিব। বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হৈছে মানুহে যধেমধে প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ চলোৱা ৷ এই বিষয়সমূহ মানুহে বুজিব লাগিব আৰু প্ৰকৃতি ধ্বংস বন্ধ কৰিব লাগিব তথা গছপুলিও ৰোপণ কৰি তাক প্ৰতিপাল কৰিব লাগিব ৷

নাহৰকটীয়াত ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচী অব্যাহত

নাহৰকটীয়াৰ গাতে লাগি আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। সেই ৰাষ্ট্ৰীয় উদ্যান খনৰ সংৰক্ষণৰ স্বাৰ্থত দৈনিক অসম কাকতৰ সাংবাদিক বিদ্যুৎ মহন্তই বলিষ্ঠ ভাৱে ভূমিকা গ্ৰহণ কৰি আহিছে৷ তাৰ বাবে আজিৰ এই সভাতেই কাকতখনৰ লগতে সাংবাদিক বিদ্যুৎ মহন্তক বিশেষভাৱে কৃতজ্ঞতা জনাই জিলা উপায়ুক্ত গৰাকীয়ে ৷ লগতে জিলাবাসীক আশ্বাস প্ৰদান কৰে যে জিলা উপায়ুক্তৰ ফালৰ পৰা বনাঞ্চল খন সুৰক্ষাৰ স্বাৰ্থত যিখিনি কৰিব পৰা যায় কৰা হ'ব ৷

বনাঞ্চল সুৰক্ষা কেৱল বন বিভাগৰে দায়িত্ব নহয় আমাৰ সকলোৰে দায়িত্ব আছে বুলি মন্তব্য প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে ৷ এই অনুষ্ঠানত বিশিষ্ট প্ৰকৃতিবিদ মৃদুপৱন ফুকন, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পুলিন দিহিঙীয়া, চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ জয়ানন্দ বৰুৱা,নাহৰকটীয়া নতুন হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব মোহন চুতীয়া, নাহৰকটীয়া মাহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা,অবিভক্ত নাহৰকটীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় ভদ্ৰকান্ত গগৈৰ বোৱাৰী ৰূপজ্যোতি গগৈ, সমাজকৰ্মী বনজিৎ গগৈকে ধৰি বহুতো লোক উপস্থিত থাকে।

লগতে পঢ়ক :Van Mahotsav 2022: লখিমপুৰত ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচী অব্যাহত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details