অসম

assam

By

Published : May 15, 2021, 7:09 PM IST

ETV Bharat / state

ক'ভিড-১৯ঃ ডিব্ৰুগড়ত টীকাকৰণ কেন্দ্ৰৰ বাহিৰত দীঘলীয়া শাৰী

ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে সাৱধনতা অৱলম্বন কৰাৰ ক্ষেত্ৰত কিছু হ'লেও সজাগ হৈছে ডিব্ৰুগড়বাসী । ৪৫ বছৰৰ উৰ্দ্ধৰ লোকৰ লগতে ১৮-৪৪ বছৰ বয়সৰ লোকসকল ওলাই আহিছে প্ৰতিষেধক গ্ৰহণৰ বাবে । জিলাখনৰ বিভিন্ন টীকাকৰণ কেন্দ্ৰত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা ।

Vaccination drive in Dibrugarh
ডিব্ৰুগড়ৰ টীকাকৰণ কেন্দ্ৰত বৃদ্ধি পাইছে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা

মৰাণ, ১৫ মে': বৰ্তমান ৰাজ্যত ক'ভিড-১৯ৰ সৰ্বাধিক সংক্ৰমণ হোৱা জিলাৰ তালিকাত কামৰূপ মহানগৰৰ পিছতে আছে ডিব্ৰুগড় জিলা । প্ৰতিদিনে ডিব্ৰুগড়ত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।

সেয়ে, সংক্ৰমণ ৰোধৰ বাবে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজক সজাগ কৰাৰো প্ৰয়াস কৰিছে । সম্প্ৰতি প্ৰশাসনৰ এই প্ৰচেষ্টাৰ ইতিবাচক ফলাফল দেখা গৈছে টীকাকৰণ কেন্দ্ৰসমূহত ।

ডিব্ৰুগড়ৰ টীকাকৰণ কেন্দ্ৰত বৃদ্ধি পাইছে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা

প্ৰথম অৱস্থাত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আহ্বান জনোৱাৰ পাছতো ৰাইজে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি অহা নাছিল । কিন্তু এতিয়া টীকাকৰণ কেন্দ্ৰসমূহত বিপৰীত ছবি পৰিলক্ষিত হৈছে ।

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে অধিক তৎপৰতাৰে জিলাখনৰ বিভিন্ন টীকাকৰণ কেন্দ্ৰত ৪৫ বছৰ উৰ্দ্ধৰ লোকৰ লগতে ১৮-৪৪ বছৰ বয়সৰ লোকসকলক ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ।

ডিব্ৰুগড়ৰ টীকাকৰণ কেন্দ্ৰত বৃদ্ধি পাইছে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা

প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তৰ টীকাকৰণ কেন্দ্ৰসমূহত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজে পুৱাৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ব্যতিক্ৰম নহয়, জিলাখনৰ চাহ বাগিচাৰত স্থাপন কৰা টীকাকৰণ কেন্দ্ৰসমূহো । বাগিচা এলেকাৰ লোকসকলেও প্ৰতিষেধক ল'বলৈ এতিয়া আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ।

ডিব্ৰুগড়ৰ টীকাকৰণ কেন্দ্ৰত বৃদ্ধি পাইছে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা
লগতে পঢ়ক:হাজোৰ ঐতিহাসিক গণেশ মন্দিৰত চোৰৰ হাত চাফাই অভিয়ান

ABOUT THE AUTHOR

...view details