মৰাণ, ১০ অক্টোবৰ:ডিব্ৰুগড়ত পোন প্ৰথমবাৰৰ বাবে উজনি অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত (Upper Assam Bodybuilding competition)। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে উজনি অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগীয়ে । ৱ'ৰ্ড ফিটনেছ ফেডাৰেশ্যনৰ (World fitness federation) সৌজন্যত তথা দ্য় ৰ' গ্ৰুপৰ (the raw group) উদ্যোগত ডিব্ৰুগড়ৰ আমোলাপট্টী নাট্য মন্দিৰ প্ৰেক্ষাগৃহত দেওবাৰে নিশা অনুষ্ঠিত হয় মিষ্টাৰ এণ্ড মিছ আপাৰ আছাম (Mr And Miss upper Assam) দেহশ্ৰী প্ৰতিযোগিতা ।
এই প্ৰতিযোগিতাখনত Senior body building Mr upper Assam খিতাপ অৰ্জন কৰে নুৰ আলম আলীয়ে । আনহাতে, Women sports modelত বিজয়ী হয় লখিমী দলে’ । তদুপৰি Junior body buildingৰ খিতাপ লাভ কৰে বিজয়ী চন্দন গগৈয়ে । বিবেক দাসে অৰ্জন কৰে Classic body building খিতাপ । Barmuda model হিচাপে বিজয়ী হৈছে অৰুন মালানি ।