মৰাণ,29 এপ্ৰিল:কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ সাধাৰণতে চাহ বাগিছা অঞ্চল সমূহত অতিমাৰী কৰ'ণাক লৈ সজাগতাৰ অভাৱ দেখিবলৈ পোৱা যায় যদিও ইয়াৰ মাজতে উজনিৰ এখন চাহ বাগিছাই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷
নাহৰকটীয়াৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত ৰছেল টি কোম্পানীৰ অধীনৰ নামচাং চাহ বাগিছাই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ ৷ সন্ধিয়া 5 বজাৰ লগে লগে বাগিছাখনত বাহিৰৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে দিনৰ ভাগত বাগিছাখনত প্ৰৱেশ কৰা প্ৰতিখন যান-বাহনক বাগিছাৰ মুখ্য প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰাৰ বাবে বাগিছা কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷