মৰাণ, 30 জুলাইঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰখনে শাসনৰ গাদী দখল কৰিলে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়ণ মূলক কামত সংঘটিত হ'বলৈ ধৰিছে দুৰ্নীতি ৷ যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিবাদ হ'বলৈ আৰম্ভ কৰিছে ৷ মৰাণ সমষ্টিৰ হালধিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁচ গাঁৱত বৃহস্পতিবাৰে আছুৱে জৰাজীৰ্ণ পথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেনচোৱা পুখুৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে চিলচিলি কোঁচ গাঁৱৰ বহু সংখ্যক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷
খোৱাঙত জৰাজীৰ্ণ পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ - ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ
বিধায়ক চক্ৰধৰ গগৈয়ে দুৰ্নীতিকাৰী ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ খোৱাং আছুৰ ৷ শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ সংগঠনৰ ৷
অভিযোগ অনুসৰি পথটোৰ বাবে আৱন্টিত হোৱা ধন ঠিকাদাৰে আত্মসাৎ কৰি পথটো অতি নিম্ন মানদণ্ডৰে মেৰামতি কৰিলে ৷ যাৰ ফলত মেৰামতিৰ পিছতে পথটো বোকাময় হৈ পৰিছে ৷ মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে সামাজিক মাধ্যমত সমষ্টিৰ উন্নয়ন কথা প্ৰচাৰ কৰি জনপ্ৰিয়তা লাভ কৰাৰ প্ৰতিযোগিতা কৰিলেও কিন্তু মৰাণৰ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৷
ৰাইজৰ অভিযোগ,মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পথ সমূহ নিৰ্মাণৰত অৱস্থাত কোনো গুৰুত্ব নিদিয়াৰ লগতে ৰাইজে অভিযোগ দিলেও এই অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে ৷ যাৰ বাবে ঠিকাদাৰ বিলাকে লুন্ঠন চলাবলৈ সুবিধা পায় ৷ বৃহস্পতিবাৰে চিলচিলি কলালোৰ কোঁচ গাঁৱত দুৰ্নীতি সংঘটিত হোৱা এই পথটোত উপস্থিত হৈ আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাঃসম্পাদক ৰাহুল কোঁৱৰ আৰু খোৱাং আঞ্চলিকৰ উপ-সভাপতি অংকিত গগৈয়ে কয় যে কেৱল নিৰ্বাচনৰ সময়ত বিধায়কে ভোট ভিক্ষা কৰিবলৈ আহিলেই নহ'ব,ৰাইজৰ দুখ-দুৰ্দশা বুজ ল'বলৈও আহিব লাগে ৷ দুৰ্নীতিকাৰী ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃত উন্নয়ণ হ'ব বুলি নেতাদ্বয়ে উল্লেখ কৰে ৷
লগতে পঢ়কঃবাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি